গৌৰীসাগৰত ভয়াবহ পথ দুৰ্ঘটনা - থিতাতে নিহত দম্পতী
দৈনিক বাতৰি

গৌৰীসাগৰত ভয়াবহ পথ দুৰ্ঘটনা - থিতাতে নিহত দম্পতী

জিপ্লাছ সংবাদদাতা, গৌৰীপুৰ | December 10, 2018 14:40 hrs

১০ ডিচেম্বৰ, গৌৰীসাগৰ - ৰৈ থকা বাহনৰ ফলত সংঘটিত হ’ল আন এক ভয়াবহ দুৰ্ঘটনা। শিৱসাগৰ জিলাৰ গৌৰীসাগৰত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এক দম্পতী। দুৰ্ঘটনাটোত নিহত হোৱা দম্পতীটো শিৱসাগৰ জিলাৰ শিমলুগুৰি থানাৰ অন্তৰ্গত প্ৰাঞ্জলদীপ চেতিয়া আৰু তেওঁৰ পত্নী হিমাদ্ৰী বৰুৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, কালি নিশা হৰ্ণবিল ফেষ্টিভেলৰ পৰা AS04-6558 নম্বৰৰ মাৰুতী চেলেৰিঅ’ বাহনেৰে ঘৰলৈ উভতি আহি আছিল। নিশা প্ৰায় ২ বজাত শিৱসাগৰৰ চাৰিং কেঁকুৰিত পথৰ দাঁতিতে ৰৈ থকা UP21 GN2081 নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰে। ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক সাৱতি ল’বলগীয়া হয়।

ইতিমধ্যে পুৱতি নিশাই গৌৰীসাগৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Banner

দুৰ্ঘটনাগ্ৰস্থ গাড়ীখন (বাওঁফালে), নিহত দম্পতি (সোঁফালে)