২ নৱেম্বৰত বালিপৰা ফাউণ্ডেশ্যন বঁটা প্ৰদান - ইষ্টাৰ্ণ হিমালয় নেশ্যাৰোন’মিক্স ফ’ৰাম ২০১৮ত ‘ইকো-ফেমিনিজম’ মুকলি
লঘূ বিষয়

২ নৱেম্বৰত বালিপৰা ফাউণ্ডেশ্যন বঁটা প্ৰদান - ইষ্টাৰ্ণ হিমালয় নেশ্যাৰোন’মিক্স ফ’ৰাম ২০১৮ত ‘ইকো-ফেমিনিজম’ মুকলি

জি-প্লাছ নিউজডেস্ক | October 31, 2018 19:24 hrs

গ্ৰাম্য ভৱিষ্যৎ -সামাজিক-পৰিৱেশ-অৰ্থনৈতিক অৱস্থা সদায়েই পাৰস্পৰিক নিৰ্ভৰশীল

গুৱাহাটী -  ইক’ফেমিনিজমৰ অন্তৰালত থকা কিছু গভীৰ বিষয় লৈ অহা ১ আৰু ২ নৱেম্বৰ, ২০১৮ তাৰিখে গুৱাহাটীৰ হোটেল লিলিত ইষ্টাৰ্ণ হিমালয়ান নেশ্যাৰ’মিক্স ফ’ৰাম ২০১৮ ৰ আয়োজন কৰা হৈছে। এই পদক্ষেপে সহযোগিতা, পাৰস্পৰিক যতন আৰু মৰম চেনেহেৰে জীৱন ধাৰণৰ প্ৰণালীক সুন্দৰভাৱে অক্ষুণ্ণ ৰখা হ’ব আৰু লিঙ্গ সমানতাৰ দিশবোৰৰ ওপৰত আলোচনা কৰিব। 

প্ৰতিষ্ঠাৰ সময়ৰে পৰা বালিপৰা ফাউণ্ডেশ্যনে সমুদায় ভিত্তিত ইষ্টাৰ্ণ হিমালয়াত বিভিন্ন সংৰক্ষণ মডেল সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু গ্ৰামীণ ভৱিষ্যৎত থকা সমাজ-পৰিৱেশ-অৰ্থনীতিৰ এক অঙ্গাঙ্গী সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰিবৰ বাবে বৈচিত্ৰপূৰ্ণ বিষয় উপসথাপন কৰি আহিছে, ইয়াত সন্নিৱিষ্ট আছে লিঙ্গ সমানুপাত আৰু তৃণমূল পৰ্যায়ৰ নেতাসকলক সবলীকৰণ কৰি ৰখাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়। 

ইফালে বিশিষ্ট লেখিকা তথা পৰামৰ্শদাতা ড. বন্দনা শিৱাই কয় যে মহিলাৰ সবলীকৰণ আৰু পৰিৱেশৰ জৈৱ বৈচিত্ৰতা ৰক্ষা কৰাটোৰ মাজত আছে এক অঙ্গাঙ্গী সম্পৰ্ক। ফ’ৰামৰ আদৰণি ভাষণ পাঠ কৰা হ’ব অহা ১ নৱেম্বৰ তাৰিখে। তেওঁ লগতে কয় যে জীৱনৰ সৃষ্টিকৰ্তা হৈছে মহিলাসকল, নাৰীসকল, প্ৰাকৃতিক –স্বাভাৱিক যতন লওঁতা আৰু আমাৰ খাদ্য সুৰক্ষাৰ মূল ৰক্ষক।

আজি গুৱাহাটীত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে তৃণমূল নেত্ৰী তথা নাগালেণ্ডৰ সমাজ সেৱিকা আকেইনা গনমেই, যিয়ে মহিলাসকলৰ নিকট সান্নিধ্যত থাকি মহিলাৰ ভুমিৰ অধিকাৰ আৰু বনাঞ্চলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ অধিকাৰ প্ৰদানৰ বাবে অহৰহ কাম কৰি আহিছে। আনফালে বালিপৰা ফাউণ্ডেশ্যনৰেই ৰুৰেল ফিছাৰ্ছ লিভলিহুডৰ কৰ্মকৰ্তা ৰিয়া হুছেইনে কয়, “মহিলা, অৰ্থনীতি, সবলীকৰণ আৰু সংৰক্ষণৰ সৈতে গ্ৰামীণ জীৱিকাক একত্ৰে বান্ধি আমি সমাজখনক দৰিদ্ৰতাৰ পৰা মুক্তি দিয়াৰ বাবে অহৰহ কাম কৰি আহিছো। তাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ শিক্ষা নিশ্চিত কৰা আৰু আমাৰ প্ৰাকৃতিক সম্পদৰাজি অক্ষুণ্ণ ৰখাৰ বাবে কাম কৰি আ্হিছো। 

ইফালে বালিপৰা ফাউণ্ডেশ্যনৰ কৰিশ্মা আহমেদে কয়, “আজিৰ এই অনুষ্ঠানৰ মুখ্য বিষয় হৈছে ইয়াত উপস্থাপন কৰা ইক’-ফেমিনিজম হৈছে এক বিকল্প, বিশ্বৰ অধিকাংশ লোকেই বুজি পোৱা এক বিষয়। এই ফ’ৰামৰ প্লেটফৰ্মৰ যোগেদি গ্ৰাম্য বৈশিষ্টৰ এক পৰিকাঠামো নিৰ্মাণৰ হেতু বিভিন্ন কাৰকসমূহ আমি লৈ আহিছো।”

বালিপৰা ফাউণ্ডেশ্যনৰ কমিউনিকেশ্যন শাখাৰ বৰ্ষা ৱাধৱনিয়ে কয়, “বালিপৰা ফাউণ্ডেশ্যনত আমি বিশ্বাস কৰো যে সাধুকথাৰ মাধ্যমেৰে আমি সমাজত নিশ্চিতভাৱে সমাজখনলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ম। সমাজৰ অন্যান্য লোকসকলকো উদ্বুদ্ধ কৰা দৃঢ় মনোবলৰ মহিলা আৰু তৃণমূল পৰ্যায়ৰ লোকসকলৰ কাহিনীসমূহ সুন্দৰভাৱে সাধুকথাৰ মাধ্যমেৰে উপস্থাপন কৰি মহিলা, শিশু আৰু পুৰুষসকলক এক উন্নত সমাজ গঢ়াৰ বাবে অনুপ্ৰাণিত কৰিব পাৰি।” 

এই দক্ষিণ ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক তথা ভিজুৱেল ষ্ট’ৰীটেলাৰ মানিনি বাঞ্চালে অলপতে সম্পন্ন কৰি তোলা ইষ্টাৰ্ণ হিমালয়ান সংৰক্ষণ কৰ্মশালা অনুষ্ঠিত কৰি কেনে অনুভৱ হ’ল সেই কথা সৰসকৈ বৰ্ণনা কৰে। উল্লেখ্য যে ইষ্টাৰ্ণ হিমালয়ান নেশ্যাৰ’ন’মিক্স ফ’ৰামৰ সৌজন্যত বালিপৰা আৰু গুৱাহাটীৰ এচাম শিশুৰ সৈতে এই কৰ্মশালা অনুষ্ঠিত কৰি তেওঁ কয় যে সাধুকথাৰ যোগেদি শিশুসকলৰ মাজত পৰিৱেশৰ প্ৰতি প্ৰেম আৰু আকৰ্ষণ জন্ম দিব পাৰি।

দ্য ইষ্টাৰ্ণ হিমালয়ান নেশ্যাৰ’ন’মিক্স ফ’ৰামে আকৌ এবাৰ ইয়াৰ যাত্ৰাত সমাজ, সমুদায়, বিশ্ববিদ্যালয়, চৰকাৰ, বেচৰকাৰী সংগঠন, দাঁতা আৰু মিডিয়াৰ সৈতে জড়িত লোকলকলক একত্ৰিত কৰি লৈ ব্যৱসায় মডেল, নীতি সংসাধন, প্ৰযুক্তি আদিক প্ৰসাৰতা প্ৰদান কৰিবলৈ  সমাজৰ হিতসাধনাৰ্থে, সংৰক্ষণৰ বাবে এই সমগ্ৰ বিষয়ৰ চলক আৰু উদ্ভাৱনীয় ধাৰণাসমূহক উদ্ভাসিত কৰিবলৈ সক্ষম হৈছে। এই অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু হ’ব অহা ২ নৱেম্বৰত প্ৰদান কৰিবলগীয়া বালিপৰা ফাউণ্ডেশ্যন বঁটা প্ৰদান অনুষ্ঠান, য’ত ১৬ গৰাকীকৈ লোকক পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁলোকে সমাজলৈ অৱদান আগবঢ়োৱাৰ লগতে সমাজৰ অইন লোকসকলকো এনে কামৰ বাবে উদ্গনি যোগোৱাৰ বাবে বঁটা প্ৰদান কৰা হ’ব।