আধাৰ কাৰ্ডধাৰী সকলে অচিৰেই আঁতৰাব পাৰিব নম্বৰ
দৈনিক বাতৰি

আধাৰ কাৰ্ডধাৰী সকলে অচিৰেই আঁতৰাব পাৰিব নম্বৰ

জি প্লাছ নিউজডেস্ক | December 07, 2018 13:01 hrs

গুৱাহাটী - দেশবাসীলৈ আধাৰ নম্বৰৰ ক্ষেত্ৰত একাধিক বিকল্পৰ সুবিধা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে আধাৰ আইন সংশোধন কৰোৱাৰ অন্তিমটো স্তৰত উপস্থিত হৈছে। আধাৰ নম্বৰৰ লগতে বায়’মেট্ৰিক আৰু বিভিন্ন তথ্য উঠাই লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ন্যায়ালয়ে।

উল্লেখ্য যে সংশ্লিষ্ট বিষয়টো সন্দৰ্ভত বিৰোধ প্ৰদৰ্শনেৰে আবেদনকাৰীসকলৰ মতে, নাগৰিকৰ ব্যক্তিগত তথ্যৰ গোপনীয়তাৰ ক্ষেত্ৰত আধাৰে অধিকাৰ খৰ্ব কৰে আৰু আধাৰৰ ব্যৱহাৰেৰে এগৰাকী লোকৰ ব্যক্তিগত সমস্ত তথ্যৰ ওপৰত অইনৰ নজৰ ৰাখিব পৰা যায়, যিটো গোপনীয়তাৰ অধিকাৰৰ ক্ষেত্ৰত যথাৰ্থতেই এক অন্যায়। 

বিগত ২৬ ছেপ্তেম্বৰ ২০১৮ তাৰিখে তদানীন্তন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন এক বিচাৰপীঠে আধাৰৰ ম্যাদ সম্পৰ্কে চৰ্তসাপেক্ষ ৰায়দান কৰে। 

ইফালে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৰায়দান কৰি কয় যে ‘মানি বিল’ হিচাপে আধাৰ আইন গৃহীত কৰাটো সংবিধানৰ প্ৰতি কৰা এক প্ৰবঞ্চনা মাথো। তেওঁ ৰাজ্যসমূহৰ বাবে আধাৰ বাধ্যতামূলক কৰা দিশটোকো অসাংবিধানিক আখ্যা দিয়ে।

(জিপ্লাছ অসমীয়া এতিয়া হোৱাটছএপ্পতো উপলব্ধ। হাতৰ মুঠিতে জিপ্লাছৰ খবৰ লাভ কৰিবলৈ হোৱাটছএপ্প সেৱা ছাবস্ক্ৰাইব কৰক -

https://chat.whatsapp.com/Bv42JxllfSL8F9VPALAkQo

 

Banner

প্ৰতিনিধিত্বমূলক ফটো