ড. নগেন শইকীয়াৰ পিছত অসম চুক্তিৰ ৬ষ্ঠ দফা ৰূপায়ন কমিটিৰ পৰা পদত্যাগ আন দুগৰাকী সদস্যৰ
দৈনিক বাতৰি

ড. নগেন শইকীয়াৰ পিছত অসম চুক্তিৰ ৬ষ্ঠ দফা ৰূপায়ন কমিটিৰ পৰা পদত্যাগ আন দুগৰাকী সদস্যৰ

জি প্লাছ নিউজডেস্ক | January 11, 2019 11:11 hrs

গুৱাহাটী - প্ৰথিতযশা সাহিত্যিত তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাংৰ লগতে বিশিষ্ট শিক্ষাবিদ ড. মুকুন্দ ৰাজবংশীয়ে অসম চুক্তিৰ ৬ ষ্ঠ দফা ৰূপায়ন কমিটিৰ সদস্যপদ ত্যাগ কৰিছে। উল্লেখ্য যে কেন্দ্ৰ চৰকাৰে অসম চুক্তিৰ ৬ষ্ঠ দফা ৰূপায়নৰ বাবে এম পি বেজবৰুৱাৰ অধ্যক্ষতাত গঠন কৰি দিয়া বিশেষ কমিটিখনৰ পৰা ইতিমধ্যেই পদত্যাগ কৰিছে অসম সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড. নগেন শইকীয়াই।

পদত্যাগী আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়েই মত পোষণ কৰিছে যে যিহেতু এই অসম চুক্তিৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা হৈছে এক অতি গুৰুত্বপূৰ্ণ অংশ আৰু এই গুৰুত্বপূৰ্ণ অংশটোৱেই কমিটিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যেই বাহিৰ হৈ গৈছে, সেয়েহে এনে পৰিস্থিতিত অসম চুক্তি সন্দৰ্ভত আলোচনা অবান্তৰ মাথো।

সাহিত্যিক ৰংবং তেৰাঙে লগতে কয় যে তেওঁক তেওঁৰ বিবেকে এই কমিটিত থকাৰ বিৰোধ কৰিছে আৰু লগতে শেহতীয়াকৈ স্বাস্থ্যৰ অৱনতিও এই কমিটিত নথকাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ অন্যতম কাৰণ। 

Banner

বাওঁফালৰ পৰা ড. মুকুন্দ ৰাজবংশী আৰু ৰংবং তেৰাং