ৰাষ্ট্ৰীয় বক্সিং প্ৰশিক্ষণ শিবিৰলৈ নিৰ্বাচিত অসমৰ আমিষা কুমাৰী
দৈনিক বাতৰি

ৰাষ্ট্ৰীয় বক্সিং প্ৰশিক্ষণ শিবিৰলৈ নিৰ্বাচিত অসমৰ আমিষা কুমাৰী

জি প্লাছ নিউজডেস্ক | December 06, 2018 18:15 hrs

গুৱাহাটী - ৰাষ্ট্ৰীয় বক্সিং প্ৰশিক্ষণ শিবিৰলৈ বাচনি লাভ কৰিছে অসমৰ এগৰাকী প্ৰতিভাৱান বক্সাৰ আমিষা কুমাৰী ভাৰতীয়ে। অহা ১০ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীলৈ হাৰিয়ানাৰ ৰোহটকত অনুষ্ঠিত হ’ব এই শিবিৰ।

উল্লেখ্য যে এই শিবিৰলৈ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছে অসমৰে আন এগৰাকী প্ৰাক্তন বক্সাৰ তথা অভিজ্ঞ প্ৰশিক্ষক প্ৰণামিকা বৰা। 

স্মৰ্তব্য যে চলিত সপ্তাহৰে প্ৰথমভাগত গুৱাহাটীত সামৰণি পৰা স্কুল গেমছৰ বক্সিং ইভেণ্টত ৪৮-৫০ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হৈছিল আমিষা কুমাৰী।

Banner

আমিষা কুমাৰী ভাৰতী