বিশ্বৰ শীৰ্ষ ১০০ ক্ষমতা শালী মহিলা - ফ’ৰ্বছৰ তালিকাত অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চোপ্ৰা
দৈনিক বাতৰি

বিশ্বৰ শীৰ্ষ ১০০ ক্ষমতা শালী মহিলা - ফ’ৰ্বছৰ তালিকাত অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চোপ্ৰা

জি প্লাছ নিউজডেস্ক | December 06, 2018 13:43 hrs

গুৱাহাটী - জনপ্ৰিয় অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ প্ৰিয়ংকা চোপ্ৰা অন্তৰ্ভুক্ত হৈছে ফ’ৰ্বছৰ শীৰ্ষ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত। উল্লেখ্য যে প্ৰতিবছৰৰ দৰেকৈ এইবছৰো ফ’ৰ্বছে বিশ্বৰ শীৰ্ষ ১০০ গৰাকী ক্ষমতাশালী মহিলাৰ মাজত স্থান লাভ কৰিছে চাৰিগৰাকীকৈ ভাৰতীয় মহিলাই। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ এই চাৰিগৰাকী মহিলা ক্ৰমে প্ৰিয়ংকা চোপ্ৰা, এইচচিএলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰোশনী নাডাৰ মালহোট্ৰা, উদ্যোগী কিৰণ মজুমদাৰ শ্ব, এইচটি মিডিয়াৰ অধ্যক্ষ শোভানা ভাৰতীয়া। 

সমাজক বিভিন্ন প্ৰকাৰে নিজৰ ব্যক্তিত্ব, কাৰ্যকলাপেৰে প্ৰভাৱান্বিত কৰা ক্ষমতাশালী মহিলাসকলক সামৰি এই তালিকা প্ৰস্তুত কৰি আহিছে ফ’ৰ্বছে।

Banner

প্ৰিয়ংকা চোপ্ৰা (ফাইল ফটো)