অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হায়েনাৰ মৃত্যু
দৈনিক বাতৰি

অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হায়েনাৰ মৃত্যু

জি প্লাছ নিউজডেস্ক | December 06, 2018 16:31 hrs

গুৱাহাটী - বিগত ২৫ নৱেম্বৰত ৰাঁচীৰ বিৰচা মুণ্ডা বন্যপ্ৰাণী উদ্যানৰ পৰা অসমলৈ অনা হায়েনা এটাৰ আজি পুৱতি নিশা মৃত্যু হৈছে। উল্লেখ্য যে বিনিময় প্ৰক্ৰিয়াৰে ৰাঁচীৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল দুটা হায়েনা আৰু দুটা অষ্ট্ৰিক পক্ষী। পিছে বিগত ১ ডিচেম্বৰত হঠাতে অসুস্থ হৈ পৰে আজি মৃত্যু হোৱা হায়েনাটো। চিৰিয়াখানাৰ পশু চিকিৎসকৰ দলে ধাৰাবাহিকভাৱে চিকিৎসা প্ৰদান কৰি থকা সত্ত্বেও আজি পুৱতি নিশা প্ৰায় ৩ বজাত মৃত্যুক আঁকোৱালি লয় হায়েনাটোৱে।

এই সন্দৰ্ভত অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজস্বী মৰিস্বামীয়ে জিপ্লাছক কয়, ‘যোৱা শনিবাৰে দুপৰীয়াৰ ভাগত হায়েনাটো অসুস্থ হৈ পৰাৰ পিছতে চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাৰ চিকিৎসালয়তে চিকিৎসা কৰিবলৈ লৈ আহে যদিও চাৰিদিন চিকিৎসাৰ পিছতো সুস্থ হৈ নুঠিল হায়েনাটো। আৰু অৱশেষত আজি পুৱতি নিশা মৃত্যু হয়।’

বিশেষকৈ দীৰ্ঘদূৰত্ব যাত্ৰা কৰা আৰু জলবায়ু সলনি হোৱাৰ বাবেই অসুস্থ হৈ পৰা বুলিও ব্যক্ত কৰে বন বিষয়াগৰাকীয়ে।

স্মৰ্তব্য যে চলিত বৰ্ষৰে আগষ্ট মাহত ৰাজ্যৰ একমাত্ৰ চিৰিয়াখানাখনত কেডি ভাইৰাছৰ সংক্ৰমণৰ ফলত ৮ টাকৈ শিয়ালৰ মৃত্যু হৈছিল।

Banner

মৃত্যু হোৱা হায়েনাটো (ফটো - প্ৰতিদিন টাইমছ)