বদৰুদ্দিন আজমল অসমৰ শত্ৰু - হিমন্ত বিশ্ব
দৈনিক বাতৰি

বদৰুদ্দিন আজমল অসমৰ শত্ৰু - হিমন্ত বিশ্ব

জি প্লাছ নিউজডেস্ক | January 11, 2019 18:42 hrs

গুৱাহাটী - “মই বদৰুদ্দিন আজমলৰ ঘোৰ বিৰোধী, তাত কোনো সন্দেহেই নাই” এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত দিয়া সাক্ষাৎকাৰত অলপতে কয় ড. হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বিত্তমন্ত্ৰী তথা বিজেপি নেতা ড. হিমন্ত বিশ্ব শৰ্মাই  এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক অসমৰ শত্ৰু বুলিও অভিহিত কৰে।

“আজমল হ’ব পাৰে ভাৰতীয় নাগৰিক, কিন্তু তেওঁ মোৰ সংস্কৃতিৰ ঘোৰ পৰিপন্থী। অসমত আমি বদৰুদ্দিন আজমলক অসম শত্ৰু বুলিয়েই গণ্য কৰো।” - হিমন্তৰ ভাষ্য। ড. শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য কৰি কয় যে এই বিধেয়কখনে অসম আৰু অসমীয়াক সুৰক্ষা প্ৰদান কৰিব, আৰু সেয়েহে এই বিধেয়কখন গৃহীত হোৱা উচিত। তেওঁ লগতে কয় যে এই বিধেয়কখন যদিহে গৃহীত নহয় তেন্তে অসমে আজমলৰ দৰে লোকৰ হাতত ১৭ খনকৈ আসন হেৰুৱাব, যাৰ অৰ্থ হ’ব অসমৰ মৃত্যুযাত্ৰা। অৰ্থাৎ এই এই ১৭ খন আসনতেই আছে প্ৰায় ৮-৯ লাখ লোক, যাৰ নাম আনকি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীতো নাই।

শৰ্মাই লগতে কয়,“আপুনি যদিহে বাংলাদেশ, পাকিস্তানৰ সংখ্যালঘূসকলক নাগৰিকত্ব নিদিয়ে, তাৰ অৰ্থ হ’ব দেশ বিভাজনৰ বিষম পৰিস্থিতিৰ ভুক্তভোগীসকলক আপুনি পুনৰ শাস্তি বিহিছে। আৰু যদিহে এই বিধেয়কখন গৃহীত হ’বলৈ নিদিয়ে, তেন্তে এআইইউডিএফৰ দৰে দলৰ হাতলৈ গুচি যাব খিলঞ্জীয়া লোকৰ ১৭ খনকৈ আসন।”

ড. শৰ্মাই আৰু কয়, “খিলঞ্জীয়া লোকৰ এই ১৭ খন আসন এই বিধেয়কেই সুৰক্ষিত কৰিব কাৰণ, এইসকল লোকে বদৰুদ্দিন আজমলৰ দৰে লোকৰ নীতিত বিশ্বাসী নহয়। ইতিমধ্যেই তেওঁলোকৰ হাতত ৩৫ খন আসন আছেই, ইয়াৰ পিছত যদিহে ১৭ খন আসনো তেওঁলোকৰ হাতলৈ যায় তেন্তে অসমৰ ভৱিষ্যত কি হ’ব আপোনালোকেই অনুমান কৰক।”

Banner

প্ৰতীকী ছবি