২১ ডিচেম্বৰৰ পৰা পাঁচ দিনৰ বাবে বন্ধ থাকিব দেশৰ বেংক সেৱা
দৈনিক বাতৰি

২১ ডিচেম্বৰৰ পৰা পাঁচ দিনৰ বাবে বন্ধ থাকিব দেশৰ বেংক সেৱা

জি প্লাছ নিউজডেস্ক | December 07, 2018 11:46 hrs

গুৱাহাটী - সমাগত বৰদিন, সমাগত নৱবৰ্ষ। এইহেন সময়তে আপুনি সমূখীন হ’ব পাৰে নগদ ধনৰ নাটনিৰ। কিয়নো ৫ দিনৰ বাবে বন্ধ থাকিব দেশৰ বেংক সেৱা। চলিত মাহৰ ২১ ৰ পৰা ২৬ তাৰিখলৈ ৫ দিনৰ বাবে সমগ্ৰ দেশতে বেংক সেৱা বন্ধ থাকিব। স্বাভাৱিকতে অসমতো ৫ দিন ধৰি বন্ধ থাকিব বেংকসেৱা। এনে পৰিপ্ৰেক্ষিতত দেশৰ গৰিষ্ঠসংখ্যক গ্ৰাহক অসুবিধাত পৰাতো নিশ্চিত। অৱশ্যে ২৪ ডিচেম্বৰৰ দিনটোত বেংকসমূহ খোলা থাকিব।

উল্লেখ্য যে অহা ২১ আৰু ২৬ ডিচেম্বৰত All India Bank Officers Confederation আৰু United Forum of Bank Unions সমগ্ৰ দেশজুৰি ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। দৰমহা সংক্ৰান্তীয় বিবদমান পৰিস্থিতি আৰু বেংক একত্ৰীকৰণৰ সিদ্ধান্তৰ প্ৰতিবাদত সংগঠন দুটাই ডিচেম্বৰ মাহৰ সংশ্লিষ্ট দুটা দিনত দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। কাৰ্যতঃ ২১ আৰু ২৬ ডিচেম্বৰত দেশৰ আটাইবোৰ ৰাষ্ট্ৰীয়কৃত বেংকৰ লগতে ব্যক্তিগতখণ্ডৰ বেংকসমূহৰো সেৱা বন্ধ থাকিব।

তাৎপৰ্যপূৰ্ণভাৱে উক্তদিন দুটাৰ উপৰি ২২, ২৩ আৰু ২৫ ডিচেম্বৰতো বেংকসমূহ বন্ধ থাকিব। ইয়াৰে ২২ ডিচেম্বৰ মাহটোৰ চতুৰ্থ শনিবাৰ, ২৩ ডিচেম্বৰ ৰবিবাৰ আৰু ২৫ ডিচেম্বৰ খ্ৰীষ্টমাচ। এনে পৰিপ্ৰেক্ষিতত একেৰাহে পাচদিন দেশৰ বেংকসমূহ বন্ধ থকাটো নিশ্চিত হৈছে। বন্ধ থাকিব বেংকসেৱা। অৱশ্যে বন্ধৰ দিনকেইটাত বেংকসমূহৰ এটিএম সেৱা স্বাভাৱিকভাৱেই চলি থাকিব।

Banner

প্ৰতিনিধিত্বমূলক ফটো