চি বি আইৰ সঞ্চালক আলোক বাৰ্মাক অপসাৰণ
দৈনিক বাতৰি

চি বি আইৰ সঞ্চালক আলোক বাৰ্মাক অপসাৰণ

জি প্লাছ নিউজডেস্ক | January 11, 2019 12:21 hrs

গুৱাহাটী - মাত্ৰ দুটা দিনৰ ভিতৰতে পুনৰ অপসাৰিত হ’ল চিবিআইৰ সঞ্চালক আলোক বাৰ্মা। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাক বিগত ৮ জানুৱাৰীত সঞ্চালক পদত আসীন হৈ থকাৰ সিদ্ধান্ত দিছিল যদিও ১০ জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কমিটিয়ে তেওঁক পুনৰ উক্ত পদবীৰ পৰা অপসাৰিত কৰে।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত উচ্চ ক্ষমতাসম্পন্ন বাচনি কমিটিয়ে বাৰ্মাক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে দুৰ্নীতি আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত চি বি আইৰ সঞ্চালক পদৰ পৰা অপসাৰণ হোৱা বাৰ্মাই হৈছে প্ৰথমগৰাকী লোক। অৱশ্যে চিবিআইৰ সঞ্চালক পদৰ পৰা অপসাৰিত হ’লেও বাৰ্মাই অগ্নি সুৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰূপে হিচাপে দায়িত্ব লাভ কৰিব।

পি টি আইৰ এক সূত্ৰ অনুসৰি, কেন্দ্ৰীয় তদাৰকী আয়োগে কৰা তদন্তত বাৰ্মাৰ বিৰুদ্ধে আঠটা অভিযোগৰ কথা উল্লেখ কৰিছে। নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৃহস্পতিবাৰৰ বৈঠকত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক প্ৰতিনিধিত্ব কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে ছিক্ৰি আৰু লোকসভাত কংগ্ৰেছৰ দলপতি মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকে। স্মৰ্তব্য যে চি বি আইৰ সঞ্চালকৰ পদত থকাৰ সময়তে বাৰ্মা আৰু চিবিআইৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু দুয়ো দুয়োৰে বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। এনে কাৰ্যৰ পাছতে চৰকাৰে চি ভি চিৰ পৰামৰ্শ ক্ৰমে দুয়োকে বাধ্যতামূলক ছুটী প্ৰদান কৰিছিল।

ইফালে এম নাগেশ্বৰ ৰাওক চি বি আইৰ অন্তৱৰ্তী সঞ্চালকৰূপে নিযুক্তি দিয়া হৈছে।

Banner

আলোক বাৰ্মা