ডনবস্ক’ স্কুলত ‘আই লাভ গুৱাহাটী’ অভিযানৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ সজাগতা অনুষ্ঠান
দৈনিক বাতৰি

ডনবস্ক’ স্কুলত ‘আই লাভ গুৱাহাটী’ অভিযানৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ সজাগতা অনুষ্ঠান

জি প্লাছ নিউজডেস্ক | December 06, 2018 17:32 hrs

৬ ডিচেম্বৰ, গুৱাহাটী – গুৱাহাটীৰ ডনবস্ক’ স্কুলত আজি গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আৱৰ্জনা নিষ্কাশন, পৃথকীকৰণ আৰু ইয়াৰ ব্যৱস্থাপনা বিষয়ক এই সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামী, আৱৰ্জনা পৃথকীকৰণ বিশেষজ্ঞ তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড. প্ৰদীপ বৈশ্যৰ লগতে পৌৰ নিগমৰ ভালেমান বিষয়া কৰ্মচাৰীও উপস্থিত থাকে। অনুষ্ঠানত ষষ্ঠ, সপ্তম আৰু অষ্টমশ্ৰেণীৰ কেবা শতাধিক শিক্ষাৰ্থীৰ লগতে বিদ্যালয়ৰ কেউগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা নিষ্কাশন, পৃথকীকৰণ আৰু ইয়াৰ ব্যৱস্থাপনাৰ সজাগতা সৃষ্টি কৰিবৰ বাবে গুৱাহাটীত আই লাভ গুৱাহাটী শীৰ্ষক এক অভিযান আৰম্ভ কৰিছিল। মহানগৰীত স্বচ্ছ সৰ্বেক্ষণ ২০১৯ৰ প্ৰচাৰ-প্ৰসাৰৰ অংশ হিচাপেও এই সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ড, প্ৰদীপ বৈশ্যই কয়, “জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আৱৰ্জনা হ্ৰাস কৰাৰ ক্ষেত্ৰত আমি সকলোৱে অগ্ৰণী ভুমিকা গ্ৰহণ কৰা উচিত। সেয়া লাগিলে ঘৰতেই হওঁ, বিদ্যালয়তেই হওঁক। সময় থাকোতেই সকলোৱে আৱৰ্জনা পৃথকীকৰণৰ কামবোৰ আৰম্ভ কৰা উচিত।” 

সমাজৰ ধ্বজাবাহক হিচাপে যুৱ প্ৰজন্মৰ আছে এক অনবদ্য অৰিহণা। এই যুৱ সমাজকেই লক্ষ্য হিচাপে লৈ পৌৰ নিগমে এনে ধৰণৰ অনুষ্ঠান গুৱাহাটীৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত অনুষ্ঠিত কৰি আহিছে। ইয়াৰ পূৰ্বেও কটন কলেজিয়েট, হেপ্পী চাইল্ড হাইস্কুল, গুৰুনানক নেশ্যনেল হাইস্কুল আৰু সংস্কৃতি-দ্য গুৰুকূলতো এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়তেই শিক্ষাৰ্থীসকলৰ মাজৰ পৰা দুগৰাকীকৈ স্বচ্ছ হিৰো বাচনি কৰা হৈছে, যিসকলে বিদ্যালয় চৌহদৰ উপৰি নিকটৱৰ্তী এলেকাসমূহ পৰিস্কাৰ কৰি ৰখাৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে। 

আজি এই অনুষ্ঠান সন্দৰ্ভত ডনবস্ক’ স্কুলৰ অধ্যক্ষ পাদাৰ চেবাষ্টিয়ান মেথিউৱে কয়, “গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰা এই আই লাভ গুৱাহাটী অভিযানৰ দ্বাৰা আমি সামগ্ৰিকভাৱে উপকৃত হৈছো। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্বচ্ছতা সন্দৰ্ভত ভালেখিনি কথা শিকিবলৈ পাইছে। আনকি পৰিৱেশ সম্পৰ্কে দায়িত্ব লোৱাৰো সাহস কৰিব পাৰিছে।”

Banner

অনুষ্ঠানৰ ছবি

Banner

অনুষ্ঠানৰ ছবি