গুৱাহাটীত আইনৰ ছাত্ৰ চৌৰ্যবৃত্তিত, হাতে-লোটে ধৰা পৰি সোমাল ফাঁচীবজাৰ থানাৰ লক-আপত
দৈনিক বাতৰি

গুৱাহাটীত আইনৰ ছাত্ৰ চৌৰ্যবৃত্তিত, হাতে-লোটে ধৰা পৰি সোমাল ফাঁচীবজাৰ থানাৰ লক-আপত

জি প্লাছ নিউজডেস্ক | December 07, 2018 16:22 hrs

গুৱাহাটী - গুৱাহাটীলৈ আহিছিল আইনজ্ঞ হ’বলৈ। পিছে আইনজ্ঞ হোৱা দূৰৰে কথা, শিক্ষা সাং নৌকৰোতেই আইনজ্ঞৰ সহায় ল’বলগীয়া হ’ল। বাতৰিটো ফাঁচী বজাৰৰ। আজি ফাঁচীবজাৰৰ ৰে’লৱে গেট নং ৩ এলেকাত দিছপুৰ আইন মহাবিদ্যালয়ৰ এজন ছাত্ৰক ফাঁচীবজাৰ আৰক্ষীয়ে আটক কৰে। অপৰাধ? চৌৰ্যবৃত্তি।

ছাত্ৰজনক হাৰুণ আলী বুলি চিনাক্ত কৰা হৈছে। ধুবুৰীৰ বিলাসীপাৰাৰ পৰা গুৱাহাটীলৈ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে আহি চৌৰ্যবৃত্তিত লিপ্ত হোৱা ছাত্ৰজনৰ পৰা ভালেমান মূল্যৱান সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে।

দুটা চুৰি মোবাইল, তিনিটা লেপটপ, ১১০ খন ছিমকাৰ্ড আৰু ১৮খন এটিএম কাৰ্ড জব্দ কৰিছে ফাঁচীবজাৰ আৰক্ষীয়ে। এই সামগ্ৰীসহ হাতীগাওঁৰ ভাড়াঘৰৰ পৰা আটক কৰিছে দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰজনক।

ইতিমধ্যে ছাত্ৰজনৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে।

(জিপ্লাছ অসমীয়া এতিয়া হোৱাটছএপ্পতো উপলব্ধ। হাতৰ মুঠিতে জিপ্লাছৰ খবৰ লাভ কৰিবলৈ হোৱাটছএপ্প সেৱা ছাবস্ক্ৰাইব কৰক

https://chat.whatsapp.com/Bv42JxllfSL8F9VPALAkQo

Banner

প্ৰতিনিধিত্বমূলক ফটো