নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদত নামিব জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক সন্থা
দৈনিক বাতৰি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদত নামিব জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক সন্থা

জি প্লাছ নিউজডেস্ক | January 10, 2019 14:38 hrs

গুৱাহাটী - নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে ৰাজ্যত এতিয়া অগ্নিগৰ্ভা পৰিস্থিতি। বিভিন্ন দল-সংগঠনৰ লগতে শেহতীয়াকৈ শ্ৰেণীবৰ্জনেৰে ইখনৰ পিছত সিখন মহাবিদ্যালয়, শিক্ষা প্ৰতিষ্ঠান নামি পৰিছে প্ৰতিবাদত। ৰাজ্যৰ এনে সংকটকালত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি এইবাৰ প্ৰতিবাদত নমাৰ সিদ্ধান্ত লৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাই৷ আজি জিপ্লাছলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে সন্থাটোৱে৷ 

কনিষ্ঠ চিকিৎসক সন্থাই প্ৰেছ বিবৃতিটোত উল্লেখ কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ উত্থাপনৰ বিৰোধিতাৰে জাতীয় সংগ্ৰামৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত লৈছে চিকিৎসক সন্থাই। সেইমৰ্মে প্ৰথম কাৰ্যসূচী হিচাপে ১০-১-২০১৯ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সকলো কনিষ্ঠ চিকিৎসকে কৰ্তব্যৰত অৱস্থাত ক'লা বেজ পৰিধান কৰাৰো সিদ্ধান্ত লৈছে৷ 

তদুপৰি, ৰোগী আৰু অভিভাৱকসকলক এই প্ৰতিবাদৰ অংশীদাৰ কৰাৰ উদ্দেশ্যে কাইলৈৰ পৰা বহিঃবিভাগত বিধেয়কখনৰ বিৰুদ্ধে তেওঁলোকক সজাগ কৰাৰ বাবে চিকিৎসকসকলে দায়িত্ব লোৱাৰো সিদ্ধান্ত লৈছে৷ সভাই লগতে সংগ্ৰাম আৰু প্ৰতিবাদৰ মাজত সৰ্বস্তৰৰ সকলো সংগঠন আৰু ব্যক্তিক শান্তি অটুট ৰাখিবলৈও অনুৰোধ জনায়৷

Banner
Banner

জিএমচিএইচৰ কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদ