ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অসম বন্ধৰ আহ্বান - মিশ্ৰিত প্ৰভাৱ, গুৱাহাটীত নপৰিল প্ৰভাৱ
দৈনিক বাতৰি

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অসম বন্ধৰ আহ্বান - মিশ্ৰিত প্ৰভাৱ, গুৱাহাটীত নপৰিল প্ৰভাৱ

জি প্লাছ নিউজডেস্ক | January 11, 2019 12:53 hrs

গুৱাহাটী - বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে অসমৰ প্ৰকৃত জনজাতিসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চনা কৰি নিঃশেষ কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱাৰ অভিযোগ তুলি আজি জনজাতি যুটীয়া সংঘই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধত সমগ্ৰ ৰাজ্যতে মিশ্ৰিত প্ৰভাৱ পৰিছে। বৰমা, কোকৰাঝাৰৰ, ওদালগুৰিৰ লগতে নামনি অসমৰ জিলাকেইখনত বন্ধৰ প্ৰভাৱ পৰাৰ বিপৰীতে ৰাজ্যৰ আন প্ৰান্তত সীমিত প্ৰভাৱ পৰিলক্ষিত হৈছে। গুৱাহাটীত অৱশ্যে বন্ধৰ কোনো প্ৰভাৱ পৰা দেখা নগ’ল যদিও গুৱাহাটীৰ সমীপৱৰ্তী জাগীৰোড আদি এলেকাত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে।

কোচ ৰাজবংশী, মৰাণ, মটককে ধৰি ৰাজ্যৰ ৬ টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধত গুৱাহাটীত যান-বাহন চলাচলকে ধৰি দোকান-পোহাৰ আদি খোলা থকাৰ লগতে স্বাভাৱিক জীৱন যাত্ৰাও অব্যাহত আছে।

ইয়াৰ পৰিৱৰ্তে, বি টি এ ডিত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে দেখা গৈছে। কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত বন্ধ সমৰ্থনকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

ইফালে, এই জনজাতিকৰণৰ সিদ্ধান্ত আৰু লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ডিমাচা ছাত্ৰ সন্থা, আডছুকে ধৰি সাতোটাকৈ ছাত্ৰ সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া ডিমা হাছাও বন্ধ সৰ্বাত্মক বুলি জানিব পৰা গৈছে।

Banner

গুৱাহাটী