বিশ্ব বক্সিংৰ শীৰ্ষ ৰেংকিংত এম চি মেৰী কম, পঞ্চম স্থানত অসমৰ লাভলিনা
দৈনিক বাতৰি

বিশ্ব বক্সিংৰ শীৰ্ষ ৰেংকিংত এম চি মেৰী কম, পঞ্চম স্থানত অসমৰ লাভলিনা

জি প্লাছ স্প’ৰ্টছডেস্ক | January 10, 2019 17:18 hrs

গুৱাহাটী - ইতিহাসৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে ৬ বাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ‘উত্তৰ-পূৱৰ এম চি মেৰীকম আইবা (AIBA) বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈছে। তিনিগৰাকীকৈ সন্তানৰ মাতৃ তথা মণিপুৰৰ এই ৩৫ বছৰীয়া বক্সাৰগৰাকীৰ এনে সাফল্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক।

উল্লেখ্য যে ২০১৮ বৰ্ষৰ শেষভাগত নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমে ইতিহাস ৰচনা কৰি ৪৮ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছিল। কালি মেৰী কমে নিজৰ ওজন শাখাত ১৭০০ পইণ্ট লাভ কৰি আইবাৰ শেহতীয়া ৰেংকিঙৰ শীৰ্ষত আৰোহণ কৰে।

উল্লেখ্য যে মেৰী কমে ২০১৮ৰ পূৰ্বে ২০০২, ২০০৫, ২০০৬, ২০০৮ আৰু ২০১০ চনত বিশ্ব বক্সিঙৰ খিতাপ দখল কৰিছিল।

আনহাতে অসমৰ লাভলিনা বৰগোহাঁই ৬৯ কেজি শাখাত বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানত উপনীত হবলৈ সক্ষম হৈছে।

Banner

এম চি মেৰীকম