ড. হীৰেণ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ - সৰ্বানন্দক সকীয়নি পৰেশ বৰুৱাৰ
দৈনিক বাতৰি

ড. হীৰেণ গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ - সৰ্বানন্দক সকীয়নি পৰেশ বৰুৱাৰ

জি প্লাছ নিউজডেস্ক | January 10, 2019 17:46 hrs

গুৱাহাটী - বিশিষ্ট চিন্তাবিদ ড. হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আনি গোচৰ ৰুজু কৰাক লৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালক সকীয়াই দি বৰুৱাই আজি কয় যে মুখ্যমন্ত্ৰীয়ে এনে জাতিদ্ৰোহী কামৰ পৰা বিৰত থাকক, অন্যথা বিষম পৰিস্থিতিৰ সমূখীন হ’বলৈ সাজু হওঁক। জাতিৰ হৈ মাত মতা নাগৰিকৰ বিৰুদ্ধে গোচৰ কিয়?

নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে এই গোচৰ সসন্মানে উঠাই লোৱাৰ দাবী কৰে। অন্যথা ইয়াৰ পৰিণাম বেয়া হ’ব বুলিও সকীয়াই দিয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। চৰকাৰ হৈ লতাশিল থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ বিভিন্ন ধাৰাৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তোলা হৈছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/২১২/১২৩/১২৪(A) ধাৰাৰ অধীনত ১৫/২০১৯ নম্বৰত বিশিষ্ট বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।

৭ জানুৱাৰীৰ প্ৰতিবাদী সভাখনত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ড০ গোহাঁইয়ে কৈছিল, ‘যদি ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমৰ জনসাধাৰণৰ কথা নুশুনে, তেতিয়াহ’লে অসমৰ জনসাধাৰণে ‘স্বাধীনতা’ বিচাৰিব। 

ইফালে গোচৰ ৰুজু হোৱাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বুদ্ধিজীৱী ড. হীৰেণ গোঁহাইয়ে। তেওঁ কয়- ‘মই জানিব পাৰিছো যে, লতাশিল থানাত মোৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে এখন এফ আই আৰ প্ৰস্তুত কৰা হৈছে। তাৰ সবিশেষ মই নাজানো, আৰু কেনে সাক্ষ্য-প্ৰমাণৰ ভিত্তিত তেনে অভিযোগ দিয়া হৈছে, তাকো নাজানো। শুনা মতে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ আৰু বামগণতান্ত্ৰিক মৰ্চাৰ যুটীয়া উদ্যোগত  আয়োজিত ৭ জানুৱাৰীৰ জনসভাত অসমক স্বাধীন কৰাৰ দাবী তোলা বুলি অভিযোগ অনা হৈছে।”

Banner

বাওঁফালৰ পৰা পৰেশ বৰুৱা, হীৰেণ গোহাই, সৰ্বানন্দ সোণোৱাল