গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা পিছুৱালে
দৈনিক বাতৰি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা পিছুৱালে

জি প্লাছ নিউজডেস্ক | December 07, 2018 10:53 hrs

গুৱাহাটী - ১৫ ডিচেম্বৰলৈ পিছুৱালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পৰীক্ষা পিছুৱালে। অহা ৮ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা অহা ১৫ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছে। ৯ ডিচেম্বৰত অনুষ্ঠিতব্য অসম পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবেই এই পৰীক্ষা পিছুওৱা হৈছে। উল্লেখ্য যে ভোটগ্ৰহণৰ পিছতেই ১২ তাৰিখে ভোট গণনা আৰু ফলাফল ঘোষণাৰ দিন। অৱশ্যে পৰীক্ষাৰ সময়বোৰ একেই থাকিব। তাৰিখৰ বাদে সকলো দিশ একেই থাকিব।


পৰীক্ষাসমূহৰ নিৰ্দ্দিষ্ট তাৰিখবোৰ শীঘ্ৰেই বিভাগ আৰু কেন্দ্ৰ অধ্যক্ষই ঘোষণা কৰিব।

Banner

গুৱাহাটী বিশ্ববিদ্যালয়