পঞ্চায়ত নিৰ্বাচন - পুনঃভোটগ্ৰহণ চলিছে ৰাজ্যৰ ৪৩ টা ভোটকেন্দ্ৰত
দৈনিক বাতৰি

পঞ্চায়ত নিৰ্বাচন - পুনঃভোটগ্ৰহণ চলিছে ৰাজ্যৰ ৪৩ টা ভোটকেন্দ্ৰত

জি প্লাছ নিউজডেস্ক | December 07, 2018 12:18 hrs

গুৱাহাটী -  অসম পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যেই ৫ ডিচেম্বৰতেই অন্ত পৰিছে। অধিকাংশ ভোটগ্ৰহণ কেন্দ্ৰতেই সুকলমে ভোটগ্ৰহণ সম্পন্ন হ’লেও ৰাজ্যৰ ভালেসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰত ব্যাপক খেলিমেলি হোৱা দেখা গ’ল। ক’ৰবাত যদি ভোটাৰৰ নামেই নাহিল, ক’ৰবাত আকৌ বেলট পেপাৰতেই ভুল তথ্য। মুঠতে বাৰেপাচি ভুল-ক্ৰুটিৰে সম্পন্ন হ’ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। যথেষ্টসংখ্যক ক্ৰুটি থাকি যোৱা বুলি আনকি স্বীকাৰ কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াইয়ো। বিভিন্ন স্থানত হিংসাত্মক  কাৰ্যকলাপ হোৱাৰো বাতৰি পোৱা গৈছে। 

এই সন্দৰ্ভত অসম নিৰ্বাচন আয়োগে সমগ্ৰ ৰাজ্যৰ মুঠ ৪৩ টা ভোট কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে ৭ ডিচেম্বৰত ইয়াৰে ১৫ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে।

ইয়াৰ উপৰিও লখিমপুৰৰ ২৮ টা ভোটকেন্দ্ৰত অহা ১০ ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ সম্পন্ন হ’ব। 

 

(জিপ্লাছ অসমীয়া এতিয়া হোৱাটছএপ্পতো উপলব্ধ। হাতৰ মুঠিতে জিপ্লাছৰ খবৰ লাভ কৰিবলৈ হোৱাটছএপ্প সেৱা ছাবস্ক্ৰাইব কৰক - https://chat.whatsapp.com/Bv42JxllfSL8F9VPALAkQo)

Banner

প্ৰতিনিধিত্বমূলক ফটো