ৰঞ্জিত কুমাৰ পাচনন্দা মুখ্যমন্ত্ৰীৰ নতুন নিৰাপত্তা উপদেষ্টা
দৈনিক বাতৰি

ৰঞ্জিত কুমাৰ পাচনন্দা মুখ্যমন্ত্ৰীৰ নতুন নিৰাপত্তা উপদেষ্টা

জি প্লাছ নিউজডেস্ক | January 11, 2019 11:17 hrs

গুৱাহাটী - ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া ৰঞ্জিৎ কুমাৰ ৰাচনন্দাক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।  ৰাজ্য চৰকাৰে বিগত ৯ জানুৱাৰীত ৰঞ্জিত কুমাৰ পাচনন্দাক নিযুক্তি দিয়ে। উল্লেখ্য যে পশ্চিমবংগ কেডাৰৰ প্ৰাক্তন আই পি এছ বিষয়া  পাচনন্দাই ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে বহুবিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে কেবিনেটত অনুমোদন লাভ কৰাৰ পিছতেই লোকসভাতো গৃহীত হোৱাৰ পিছৰে পৰা ৰাজ্যত  অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Banner

ৰঞ্জিত কুমাৰ পাচনন্দা