অপসাৰিত চিবিআইৰ সঞ্চালক আলোক বাৰ্মাৰ পদত্যাগ
দৈনিক বাতৰি

অপসাৰিত চিবিআইৰ সঞ্চালক আলোক বাৰ্মাৰ পদত্যাগ

জি প্লাছ নিউজডেস্ক | January 11, 2019 16:05 hrs

গুৱাহাটী - কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইৰ সঞ্চালক পদৰ পৰা অপসাৰণ কৰাৰ এদিন পিছতেই ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰে আলোক বাৰ্মাই।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাক বিগত ৮ জানুৱাৰীত সঞ্চালক পদত আসীন হৈ থকাৰ সিদ্ধান্ত দিছিল যদিও ১০ জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কমিটিয়ে তেওঁক পুনৰ উক্ত পদবীৰ পৰা অপসাৰিত কৰিছিল।

উল্লেখ্য যে বৃহস্পতিবাৰে নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৃহস্পতিবাৰৰ বৈঠকত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক প্ৰতিনিধিত্ব কৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে ছিক্ৰি আৰু লোকসভাত কংগ্ৰেছৰ দলপতি মল্লিকাৰ্জুন খৰ্গেও উপস্থিত আছিল। 

Banner

আলোক বাৰ্মা