গুৱাহাটীত ১৪৪ ধাৰা জাৰি - প্ৰতিবাদ দমনৰ ষড়যন্ত্ৰ!
দৈনিক বাতৰি

গুৱাহাটীত ১৪৪ ধাৰা জাৰি - প্ৰতিবাদ দমনৰ ষড়যন্ত্ৰ!

জি প্লাছ নিউজডেস্ক | January 10, 2019 15:19 hrs

গুৱাহাটী - নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে উত্তাল হৈ থকা ৰাজ্যত প্ৰতিবাদ দমনৰ বাবে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসন। সেই অনুসৰিয়েই আজি গুৱাহাটীত জাৰি কৰা হৈছে ধাৰা ১৪৪। দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও থানা এলেকাত ১৪৪ ধাৰা জাৰি।

সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানাৰ অধীনৰ এলেকাসমূহতো ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। এতিয়াৰ পৰা পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নোপোৱা পৰ্যন্ত ৰাজহুৱা স্থানত ৫জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। যিকোনো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব, শ্লোগান দিব নোৱাৰিব৷ গুৱাহাটীৰ ডিচিপি (পূব) ডঃ ৰমণদীপ কৌৰৰ প্ৰেছ বিবৃত্তিত এই কথা প্ৰকাশ।

Banner

প্ৰতিনিধিত্বমূলক ফটো