বি টি এ ডিৰ বাহিৰৰ লোকৰ বোজা লোৱা নহ’ব - প্ৰমীলা ৰাণী ব্ৰহ্ম
দৈনিক বাতৰি

বি টি এ ডিৰ বাহিৰৰ লোকৰ বোজা লোৱা নহ’ব - প্ৰমীলা ৰাণী ব্ৰহ্ম

জি প্লাছ নিউজডেস্ক | January 10, 2019 18:24 hrs

গুৱাহাটী - নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ বাবেই ৰাজ্য চৰকাৰৰ শাসনাধিষ্ঠিত দল বিজেপিৰে ইতিমধ্যে অন্যতম সহযোগী দল অসম গণ পৰিষদে মিত্ৰতা ভংগ কৰিছে। পিছে এতিয়াও বিজেপিৰ সৈতে মিত্ৰদল হৈয়েই আছে বিপিএফ। বিপিএফৰ প্ৰধান কৰ্ণধাৰ হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে চৰকাৰৰ লগত থাকিব আৰু অগপ আঁতৰি গ’লেও চৰকাৰৰ কোনো ক্ষতি নাই বুলি মন্তব্য কৰিছে। পিছে দলটোৰ অন্যতম শীৰ্ষ নেতৃত্বই বিটিএডিত অন্য লোকৰ বোজা গ্ৰহণ নকৰে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি বিপিএফ-এ যোগাত্মক স্থিতিত থাকিলেও বি পি এফৰ শীৰ্ষ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বি টি চিয়ে বাহিৰা মানুহৰ বোজা গ্ৰহণ নকৰে বুলি দৃঢ়তাৰে মন্তব্য কৰে।

বিধেয়কখনক লৈ বি পি এফ আৰু বিজেপিৰ মিত্ৰতাত কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি হোৱা নাই বুলিও ইতিমধ্যেই বিটিচি মুখ্য কাৰ্যবাহী শ্ৰী মহিলাৰীয়ে মন্তব্য কৰিছে যদিও ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই এই ক্ষেত্ৰত নিজৰ লগতে দলৰো স্থিতি স্পষ্ট কৰি দিয়ে। তেওঁ কয়, “কোনো লোককে বি টি চিত জাপি দিব নোৱাৰিব। যদিহে কোনো লোকৰ বোজা আমাক জাপি দিয়া হয় তেন্তে ইয়াৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিম।”

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে অগ্নিগৰ্ভা হৈ থকা ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ এই মন্তব্যই কেনে প্ৰভাৱ পেলায় সেয়া লক্ষ্যণীয় হ’ব।

Banner

প্ৰমীলা ৰাণী ব্ৰহ্ম