প্ৰদান কৰা হ’ল গুৱাহাটী ফুড এৱাৰ্ডছ ২০২০

Saturday, 06 June 2020

প্ৰবন্ধ

প্ৰদান কৰা হ’ল গুৱাহাটী ফুড এৱাৰ্ডছ ২০২০

জিপ্লাছ | February 29, 2020 22:24 hrs

পিয়াজ্জালৈ বৰ্ষশ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ বঁটা, মিছিঙালৈ শ্ৰেষ্ঠ অসমীয়া খাদ্যৰ ৰেষ্টুৰেণ্টৰ বঁটা
পৰিমল শুক্লবৈদ্য, ভাস্কৰজ্যোতি মহন্তই প্ৰদান কৰিলে বঁটা
জয় বৰুৱাৰ সংগীতেৰে জীপাল হ’ল ফুড এৱাৰ্ডছৰ নিশা

গুৱাহাটী, ০১ মাৰ্চ – কালি নিশা প্ৰদান কৰা হ’ল ২০২০ বৰ্ষৰ গুৱাহাটী ফুড এৱাৰ্ডছ। গুৱাহাটীৰ খাদ্য আৰু পানীয় উদ্যোগটোক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে আৰম্ভ কৰা এই গুৱাহাটী ফুড এৱাৰ্ডছৰ ষষ্ঠটো সংস্কৰণত ২৮ টা শিতানত বিভিন্ন ৰেষ্টুৰেণ্ট তথা খাদ্য বিপনীলৈ পুৰস্কাৰ প্ৰদান কৰা হয়। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱা আৰু বিশিষ্ট খাদ্য বিশেষজ্ঞ সুৰেশ হিন্দুজা। অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও উপস্থিত থাকে। অনুষ্ঠানত গুৱাহাটীৰ আগশাৰীৰ ৰেষ্টুৰেণ্ট, কেফে তথা খাদ্য বিপনীৰ প্ৰায়সকল স্বত্ত্বাধিকাৰীৰ উপস্থিতিত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব গুৱাহাটীৰ তাজ ৱিৱান্তত। উল্লেখ্য যে এইবাৰ এই ফুড এৱাৰ্ডছত বিভিন্ন ৰেষ্টুৰেণ্ট, কেফে, লাউঞ্জবাৰ, বেকাৰী, কেটাৰিং সেৱা, ফাষ্টফুড বিপনীকে ধৰি শতাধিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল। 

প্ৰতিযোগিতাৰ বিচাৰকমণ্ডলীত আছিল কাশ্মিৰী বৰকাকতী নাথ, ৰচিত ছাবু, নাথানিয়েল গিৰি চলিহা আৰু অভিষেক বেদী বাৰ্মা। বিচাৰকমণ্ডলীৰ অধ্যক্ষ হিচাপে আছিল বিশিষ্ট খাদ্য সমালোচক সুৰেশ হিন্দুজা। উল্লেখযোগ্য যে এইবাৰৰ এই ফুড এৱাৰ্ডছৰ বাবে মনোনীত খাদ্য প্ৰতিষ্ঠানসমূহলৈ ফুড এৱাৰ্ডছ ৱেবছাইট আৰু এপ্পৰ মাধ্যমেৰে ২ লাখতকৈও অধিক ভোট প্ৰদান কৰা হৈছিল।

আজি গুৱাহাটী ফুড এৱাৰ্ডছৰ উদ্যোক্তা জিপ্লাছৰ প্ৰকাশক তথা সঞ্চালক সুনিত জৈনে কয়, “গুৱাহাটীৰ খাদ্য আৰু পানীয় উদ্যোগটোৱে আমাৰ গুৱাহাটীবাসীৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে। গুৱাহাটীৰ খাদ্য উদ্যোগটোৰ শ্ৰেষ্ঠতম প্ৰতিষ্ঠানসমূহক স্বীকৃতি প্ৰদানৰ ই এক অনবদ্য আয়োজন। গুৱাহাটীৰ খাদ্য আৰু পানীয় উদ্যোগটোক মানসম্পন্ন কৰি ৰখাৰ বাবে সদায়েই চেষ্টা কৰি অহা প্ৰতিগৰাকী খাদ্য উদ্যোগীক মই অভিনন্দন জনাইছো।”

আজি প্ৰদান কৰা গুৱাহাটী ফুড এৱাৰ্ডছত পিয়াজ্জাই বৰ্ষশ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ সন্মান লাভ কৰে। ইফালে শ্ৰেষ্ঠ মিঠাই বিপনীৰ বঁটা লাভ কৰে কিৰণশ্ৰীয়ে। শ্ৰেষ্ঠ অসমীয়া খাদ্যৰ ৰেষ্টুৰেণ্টৰ বঁটা লাভ কৰে মিছিঙাই। তলত গুৱাহাটী ফুড এৱাৰ্ডছ ২০২০ ৰ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰা প্ৰতিষ্ঠানসমূহৰ নাম উল্লেখ কৰা হৈছে – ফ্ৰেজাছ বেকাৰী (বেকাৰী), বাৰ্বিকিউ নেছন (বিবিকিউ/গ্ৰিল), এট্টিক (কেফেটেৰিয়া), এজ’ৰ’ (ক্লাৱ/লাউঞ্জ), ক্ৰীম এণ্ড কাৰ্লছ (ডেজাৰ্ট আৰু আইচক্ৰীম পাৰ্লাৰ), চিক এণ্ড চিলি (ফাষ্টফুড জইণ্ট), ফ’ৰ ছিজনছ (ফাষ্ট ফুড জইণ্ট), ৰ’লছ মেনিয়া (ফুড ট্ৰাক), কেফে বেলিভিউ (হেংআউট স্থান), অ’লিভ গাৰ্ডেন আৰু আপটাউন এস্কেপ (ইনষ্টাগ্ৰামেবল ৰেষ্টুৰেণ্ট), কলিতা স্পেকট্ৰাম ডাইন (মাল্টি-কুইজিন), নাটছ এণ্ড ব্ৰিউ (পাব/বাৰ), আপটাউন এস্কেপ (অল ডে ডাইনিং), পিয়াজ্জা (ইউৰোপিয়ান কুইজিন), দ্য য়েল্লো ছিলি (ফাইন ডাইনিং), নাগামিজ (নাগা খাদ্য), ৰংগ দে বসন্তী ধাবা (নৰ্থ ইণ্ডিয়ান / মোগলাই কুইজিন), ৰেড হট চিলি পেপাৰ (অ’ৰিয়েণ্টেল কুইজিন), য়’ক’ ছিজলাৰ্ছ (স্পেচিয়েলিটি কুইজিন), শ্বাহী দৰবাৰ (নিৰামিষ), জেবিজ (দক্ষিণ ভাৰতীয় খাদ্য)।

ইফালে খাদ্য উদ্যোগটোত শেহতীয়াকৈ প্ৰৱেশ কৰিয়েই মানদণ্ড স্থাপন কৰিবলৈ সক্ষম হোৱা আঠখন ৰেষ্টুৰেণ্টলৈ আগবঢ়োৱা হৈছে গুৱাহাটী ফুড এৱাৰ্ডছ। সেইকেইখন হৈছে ক্ৰমে ড’কিন ড’মিন (অসমীয়া খাদ্য), টেবল টক কেফে (কেফে), চাটকাৰা (ফেষ্ট ফুড), কেফে ৩৬১ আৰু ক্লাউড ৭ (নিৰামিষ), ফ্ৰীমেছনছ (পাব/বাৰ), কেইকো (অ’ৰিয়েণ্টেল), অ’লিঅ’ (ফাইন ডাইনিং)। আনহাতে ছুইট কাল্টলৈ আগবঢ়োৱা হৈছে উদ্ভাৱনীয়তাৰে মানদণ্ড সৃষ্টিকাৰী হিচাপে বিশেষ বঁটা। শ্ৰেষ্ঠ ক্লাউড কিছেনৰ বঁটা প্ৰদান কৰা হৈছে ৱান ষ্টপ কিছেনলৈ। ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ হোম বেকাৰৰ বঁটা প্ৰদান কৰা হৈছে ৰিয়া কাশ্যপ ঘাটোৱাৰলৈ।