ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলত অসমৰ বোৱাৰী
প্ৰবন্ধ

ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলত অসমৰ বোৱাৰী

মুকুট শৰ্মা | January 07, 2019 12:08 hrs

প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ অংশুমান ভাগৱতীৰে বিবাহপাশত আৱদ্ধ ছোনিয়া অ’ডেদ্ৰাঃ

মহিলা কাউণ্টী চেম্পিয়নশ্বিপত নটিংহামশ্বেয়াৰৰ অধিনায়িকাৰ দায়িত্বত নিয়োজিতঃ 

ক্ৰিকেটৰ জৰিয়তে ইংলেণ্ডত প্ৰতিষ্ঠা লাভ কৰা অসমৰ এহাল দম্পতী


বিশ্বৰ অন্যতম জনপ্ৰিয় আৰু গ্লেমাৰিয়াছ খেল ক্ৰিকেটৰ জন্মস্থান ইংলেণ্ডত মহিলা ক্ৰিকেটৰ ইতিহাসো অতি পুৰণি৷ ষষ্ঠদশ শতিকাৰ পৰাই ব্ৰিটিছসকলে আভিজাত্যৰ প্ৰতীক হিচাপে খেলি অহা ভদ্ৰলোকৰ খেলবিধৰ প্ৰতি মহিলাসকলো সমানে আকৰ্ষিত হৈছিল৷ দেশখনত পুৰুষসকলে প্ৰায় ১৭২৬ চনৰ পৰা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰাৰ পিছত মহিলাসকলো অধিক পিছপৰি থকা নাছিল৷ ১৭৪৭ চনতে তেওঁলোকে হাতত বেট-বল লৈ খেলপথাৰত নামে৷ ভাৰতীয় মহিলাই ১৯৭৬ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমখন মেচ খেলাৰ বিপৰীতে ইংলেণ্ডে ১৯৩৪ চনতে টেষ্ট অভিষেক ঘটায়৷ 

ব্ৰিটেইনৰ এই চহকী আৰু ঐতিহ্যমণ্ডিত মহিলা ক্ৰিকেট ক্ষেত্ৰখনৰ এক সম্ভাৱনাময় তাৰকা হিচাপে শেহতীয়াকৈ জিলিকি উঠিছে অসমৰ এগৰাকী বোৱাৰী৷ ইতিমধ্যে ইংলেণ্ড টেষ্ট দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা এইগৰাকী অসমৰ ক্ৰিকেটাৰ-বোৱাৰী সম্প্ৰতি দেশখনৰ সবাতোকৈ মৰ্যদাপূৰ্ণ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা কাউণ্টী চেম্পিয়নশ্বিপৰ আগশাৰীৰ দল নটিংহামশ্বেয়াৰৰ অধিনায়িকাৰ দায়িত্বত নিয়োজিত৷ যোৱা দুটা বৰ্ষত তেওঁ হৈছে মহিলা কাউণ্টী চেম্পিয়নশ্বিপৰ তৃতীয় সৰ্বাধিক ৰান আৰু উইকেট দখলকাৰী খেলুৱৈ৷ তদুপৰি ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত আইপিএলসদৃশ পেছাদাৰী টি-২০ প্ৰতিযোগিতা ‘কিয়া ছুপাৰ লীগ’ৰো তেওঁ এগৰাকী নিয়মীয়া সদস্য৷ 

ইংলেণ্ডৰ মিডলছেক্সত জন্মগ্ৰহণ কৰা ৩০ বৰ্ষীয় এইগৰাকী মহিলা ক্ৰিকেটাৰে ছুপাৰ লীগৰ অন্যতম শক্তিশালী দল লাগব’ৰোগ লাইটেনিং(Loughborough Lightning )ৰ অলৰাউণ্ডাৰ হিচাপে যোৱা দুটা বৰ্ষত বেটে-বলে উজলি উঠিছে৷ ২০১৪ত ভাৰতৰ বিৰুদ্ধে ৱৰ্মছলী পাৰ্ক(ইংলেণ্ড)ত টেষ্ট অভিষেক ঘটা অসম-বোৱাৰীগৰাকী হ’ল ছোনিয়া অ’ডেদ্ৰা৷ অসমৰ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ অংশুমান ভাগৱতী(ডন)ৰ পত্নী হিচাপে তেওঁ এতিয়া অসমৰ বোৱাৰী৷ লণ্ডনৰ লেচষ্টাৰ চিটীত অৱস্থিত চিটী ক্ৰিকেট একাডেমীৰ প্ৰতিষ্ঠাপক ভাগৱতীৰ সৈতে দুবছৰ পূৰ্বে গুৱাহাটীত ইংলেণ্ডৰ ক্ৰিকেটাৰগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল৷ 
উল্লেখ্য যে, চিটী ক্ৰিকেট একাডেমীতে প্ৰায় ৫ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে সাক্ষাৎ হোৱাৰ পাছত দুয়োগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল৷ ইংলেণ্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা দ্বিতীয়গৰাকী ভাৰতীয় মূলৰ খেলুৱৈ ছোনিয়া অসমৰ চহকী ভাষা-সংস্কৃতি আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত৷ স্বামী অংশুমানৰ সৈতে তেওঁ বৰ্তমান ইংলেণ্ডত ক্ৰিকেটক লৈ ভীষণ ব্যস্ত যদিও আজৰি সময় পালেই তেওঁ অসমৰ বিভিন্ন পৰ্যটনক্ষেত্ৰসমূহ পৰিভ্ৰমণ কৰিবলৈ আগ্ৰহী৷ মনকৰিবলগীয়া যে ছোনিয়াৰ পিতৃয়ে ভাৰতৰ গুজৰাটত জন্ম গ্ৰহণ কৰিছিল আৰু সেইসূত্ৰে ক্ৰিকেটাৰগৰাকীৰ ভাৰতৰ সৈতে এক অভিন্ন সম্পৰ্ক আছে৷

আমাৰ বাবে গৌৰৱৰ বিষয় যে অংশুমান-ছোনিয়া দম্পত্তী এতিয়া ইংলেণ্ডৰ ক্ৰিকেটৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ক্ৰিকেটৰ জৰিয়তে দুয়োৱে দেশখনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷ ছোনিয়াই কাউণ্টী ক্ৰিকেট আৰু কিয়া ছুপাৰ লীগ টি-২০ত উন্নত প্ৰদৰ্শনেৰে ইংলেণ্ডৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ চেষ্টা অব্যাহত ৰাখিছে আৰু অংশুমানে লেচষ্টাৰৰ চিটী ক্ৰিকেট একাডেমীত ইংলেণ্ডৰ বাবে নতুন ক্ৰিকেটাৰ জন্ম দিয়াৰ চেষ্টাত নিষ্ঠাসহকাৰে ব্ৰতী হৈছে৷ 
উল্লেখ্য যে, মাত্ৰ ২০ বছৰ বয়সতে অসম এৰি ইংলেণ্ডলৈ ৰাওনা হোৱা প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰগৰাকীয়ে ২০০৬ চনত লেচষ্টাৰ চিটী চহৰত চিটী ক্ৰিকেট একাডেমী মুকলি কৰে৷ আজিৰ পৰা প্ৰায় দুই দশক পূৰ্বে অসমৰ পৰা গৈ লণ্ডনৰ লেচষ্টাৰ চিটীত অংশুমানে স্থাপন কৰা এই ক্ৰিকেট একাডেমী এতিয়া ব্ৰিটেইনত ক্ৰিকেটাৰ গঢ়াৰ অন্যতম শ্ৰেষ্ঠ কমাৰশালা হৈ পৰিছে৷ পাকিস্তানৰ কিংবদন্তী অফ স্পিনাৰ ছাকলেইন মুস্তাক, ইংলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ মেথিউ হোগাৰ্ড, ভাৰতৰ প্ৰাক্তন অপেনাৰ ৱাছিম জাফৰ আদিৰ দৰে তাৰকাই প্ৰশিক্ষণ আগবঢ়োৱা একাডেমীটোলৈ ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ যুৱ ক্ৰিকেটাৰে উন্নত প্ৰশিক্ষণৰ বাবে যায়৷ বিশেষকৈ ভাৰতীয় ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰৰ সন্তান আৰ্য বাংগাৰ এই একাডেমীৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী৷ অংশুমান ভাগৱতীৰ তত্ত্বাৱধানত ২৪ ঘণ্টাই ক্ৰিকেটৰ প্ৰশিক্ষণ আগবঢ়োৱা চিটী ক্ৰিকেট একাডেমীত এতিয়া প্ৰায় ৪০০ যুৱ খেলুৱৈয়ে ক্ৰিকেটাৰ হোৱাৰ প্ৰস্তুতি চলাই আছে৷ তদুপৰি, ১৮৫৭ চনতে স্থাপিত ইংলেণ্ডৰ ঐতিহ্যমণ্ডিত ক্লাব হিংকলী ক্ৰিকেট ক্লাবৰ সৈতেও অসমৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী সক্ৰিয়ভাৱে জড়িত হৈ আছে৷ 

উল্লেখ্য যে, ১৯৯৪ চনত মাত্ৰ ১৬বছৰ বয়সতে ৰঞ্জি ট্ৰফীত অভিষেক ঘটা ভাগৱতীয়ে অসমৰ হৈ মুঠ ১৮খন মেচ খেলিছে৷ ১৯৯৯ চনতে ৰাজ্যৰ হৈ শেষবাৰৰ বাবে ক্ৰিকেট খেলা ভাগৱতীয়ে অৱশ্যে এতিয়াও লেচষ্টাৰ চিটীত লীগ ক্ৰিকেটত খেলি আছে৷ মনকৰিবলগীয়া যে, বিবাহৰ পূৰ্বে তেওঁ ছোনিয়াৰ সৈতে একেটা দলৰ হৈ লীগত খেলি বিশেষ সফলতা অৰ্জন কৰিছিল৷ আনকি তেওঁলোকে এখন মেচত ২৬০ ৰানৰ এটি যুটি বান্ধি লীগ ক্ৰিকেটত বিৰল অভিলেখো স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, সম্প্ৰতি ইংলেণ্ড জাতীয় দলৰ পৰা বাহিৰত থকা ছোনিয়াই শীৰ্ঘেই প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি আশাবাদী৷ ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলটোত স্থান লাভ কৰাতো অত্যন্ত প্ৰতিযোগিতামূলক যদিও তেওঁ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শনেৰে ইতিমধ্যে ৰাষ্ট্ৰীয় নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ 

অহা ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিবলগীয়া ইংলেণ্ড দলটোত ছোনিয়া অ’ডেদ্ৰা অন্তৰ্ভুক্ত হ’লে অসমবাসীয়ে নিজ ৰাজ্যৰ বোৱাৰীৰ খেল স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য অৰ্জন কৰিব৷ কিয়নো ইংলেণ্ড দলটোৱে ভাৰত ভ্ৰমণৰ আটাইকেইখন মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলিব৷ নতুন বছৰত অসমৰ ক্ৰিকেটপ্ৰেমীয়ে ইংলেণ্ড দললৈ ছোনিয়াৰ প্ৰত্যাৱৰ্তন আৰু প্ৰশিক্ষক হিচাপে অংশুমান ভাগৱতীৰ ক্ৰিকেট কেৰিয়াৰৰ চমকপ্ৰদ উত্থান অব্যাহত থকাৰ কামনা কৰিব৷ সকলোৰে আশা—অংশুমান-ছোনিয়া দম্পত্তীয়ে ইংলেণ্ডৰ ক্ৰিকেটৰ বিকাশৰ ধাৰাৰ অবিচ্ছেদ্য অংগ হৈ ৰাজ্যবাসীক গৌৰবান্বিত কৰি যাব৷
(উৎস - নিয়মীয়া বাৰ্তা)