গুৱাহাটীৰ শতবৰ্ষীয়ান দূৰ্গা পূজামণ্ডপ

Sunday, 07 June 2020

প্ৰবন্ধ

গুৱাহাটীৰ শতবৰ্ষীয়ান দূৰ্গা পূজামণ্ডপ

চেতন ভট্টৰাই | October 24, 2018 12:27 hrs

আহোমৰ ৰাজ পৰিয়ালৰ উজানবজাৰ বাৰোৱাৰী পূজা মণ্ডপ সমিতি (১৮৮৯ চনৰ পৰা)

শতিকাজোৰা গৌৰৱেৰে সমৃদ্ধ গুৱাহাটীৰ এখন পূজা মণ্ডপ। প্ৰতিবছৰে দুৰ্গাপূজাত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰেহি এই পূজা মণ্ডপত। গুৱাহাটীৰ মাজমঁজিয়াতে থকা শতিকা পুৰণি এই পূজা মণ্ডপ হৈছে উজানবজাৰ বাৰোৱাৰী পূজা মণ্ডপ। এইবছৰ ১২৯ তম বৰ্ষ সম্পন্ন কৰিলে এই পূজা মণ্ডপে।

উল্লেখ্য যে আহোম ৰাজ পৰিয়ালৰ ঘনকান্ত সিংহ ৰাজকুমাৰে ১৮৮৯ চনতে আৰম্ভ কৰাৰ পিছৰে পৰা এই পূজা প্ৰতিবছৰে সম্পন্ন হৈ আহিছে সুচাৰুৰূপে। প্ৰাৰম্ভিক অৱস্থাত উজানবজাৰৰ ৰাজবাৰীত এই পূজা আৰম্ভ কৰা হৈছিল যদিও ১৯৩৪ চনত এই পূজা উজানবজাৰৰ বাৰোৱাৰী পূজা মণ্ডপলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হয়।

প্ৰতিবছৰৰ দৰেকৈ এইবছৰো আটাইবোৰ ৰীতি-নীতিৰে সফলতাৰ সম্পন্ন হয় পূজা। কেবা সহস্ৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত প্ৰতিবছৰৰ দৰেকৈ এইবছৰো সমৃদ্ধ হৈ পৰে পূজা মণ্ডপ প্ৰাঙ্গন।

হৰিসভা, পানবজাৰ (১৯১৫ চনৰ পৰা)

পাণবজাৰৰ সনাতন ধৰ্ম সভা (হৰিসভা)ই এইবছৰ সম্পূৰ্ণ কৰিছে দুৰ্গা পূজা উদযাপনৰ ১০৩ টা সূদীৰ্ঘ বছৰ। গুৱাহাটীত শতিকা পুৰণি দূৰ্গাপূজাসমূহৰ ভিতৰত হৰিসভাও অন্যতম। উল্লেখ্য যে হৰিসভাৰ পূজাত কেৱল হিন্দু লোকসকলেই যে আহি পূজা অৰ্চনা কৰে বা উপভোগ কৰে তেনে নহয়, বৰঞ্চ লাখটকীয়া এলেকাৰ ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকো আহি এই পূজা উপভোগ কৰে, অংশগ্ৰহণ কৰে।

উল্লেখ্য যে এই পূজা মণ্ডপত ব্যৱহৃত মূৰ্ত্তি এশবছৰ ধৰি এটা পৰিয়ালেই নিৰ্মাণ কৰি আহিছে, আৰু সেই নিৰ্মাণৰ বাবে প্ৰতিবছৰেই উজানবজাৰৰ যোৰপুখুৰীৰ পৰা মাটি সংগ্ৰহ কৰি আহিছে পৰিয়ালটোৱেই। তাৎপৰ্যপূৰ্ণভাৱে, এই হৰিসভাত প্ৰথম পূজা আৰম্ভ হোৱাৰে পৰা প্ৰজন্মই প্ৰজন্মই এটা পৰিয়ালৰ লোকেই পূজাৰী হিচাপে দায়িত্ব পালন কৰি আহিছে।

ইয়াৰ উপৰিও, এই মণ্ডপত উপস্থাপিত আটাইবোৰ মুৰ্ত্তি একেখন মঞ্চতে নিৰ্মাণ কৰা হয়, কোনো মূৰ্ত্তি পৃথকে পৃথকে নিৰ্মাণ কৰা নহয়। কেৱল সেয়াই নহয় হৰিসভা সমিতিয়ে দেৱী বিসৰ্জনৰ সময়ত সমগ্ৰ দেৱী প্ৰতিমাখন মণ্ডপৰ পৰা কান্ধত তুলি লৈ যায় ব্ৰহ্মপুত্ৰৰ বিসৰ্জন ঘাটলৈ। অৱশ্যে বিগত তিনিটা বৰ্ষত বিভিন্ন অসুবিধাৰ বাবে কমিটিয়ে ট্ৰ’লীৰে এই মূৰ্ত্তিসমূহ বিসৰ্জন দিয়াৰ বাবে লৈ গৈছে। 

পশ্চিম গুৱাহাটী পূজা সমিতি (১৯০১ চনৰ পৰা)

পশ্চিম গুৱাহাটী দুৰ্গা পূজাই চলিত বৰ্ষত সম্পন্ন কৰিলে ১১৭ বছৰ। বৰ্তমানৰ ভৰলুমুখ আৰক্ষী থানাৰ বিৰপীতে থকা পশ্চিম গুৱাহাটী দুৰ্গা পূজা সমিতিৰ মণ্ডপত ১৯০১ চনতে আৰম্ভ হৈছিল দুৰ্গা পূজা। পৌৰাণিক ৰীতি-নীতিৰেই এতিয়াও প্ৰতিবছৰে সম্পন্ন হৈ আহিছে। উল্লেখ্য যে কোনোধৰণৰ বলি বিধান সম্পন্ন কৰা নহয় এই পূজা মণ্ডপত। এইবছৰ সম্পন্ন হোৱা পূজাত প্ৰতিবছৰৰ দৰেকৈ ওজাপালি, নাগাৰা নাম, আয়তী নাম আৰু চণ্ডী পাঠৰ লগতে ভালেমান আকৰ্ষণীয় অনুষঅঠানৰো আয়োজন কৰা হৈছিল।