পঞ্চায়ত নিৰ্বাচনত তীব্ৰ চাঁপত থাকিব বিজেপি চৰকাৰ
প্ৰবন্ধ

পঞ্চায়ত নিৰ্বাচনত তীব্ৰ চাঁপত থাকিব বিজেপি চৰকাৰ

জিপ্লাছ নিউজডেস্ক | November 12, 2018 11:59 hrs

গুৱাহাটী:- ভাৰতীয় জনতা দল(বিজেপি)ৰ নেতৃত্বাধীন অসম চৰকাৰে দাবী কৰে যে তেওঁলোকে ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষনা কৰে, কিন্তু তথ্যানুসৰি এই সিদ্ধান্ত হেঁচা প্ৰয়োগৰ বাবেহে গ্ৰহন কৰা হৈছে । 

বিজেপিৰ কোনো এক সূত্ৰই 'জি-প্লাছ'ক জনোৱা অনুসৰি,'এই সিদ্ধান্ত গ্ৰহন কৰা হয় যে পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগম নিৰ্বাচন লোক সভা নিৰ্বাচনৰ পিছতহে আয়োজন কৰা হ'ব,কিন্তু গুৱাহাটী উচ্চ ন্যায়লয়ৰ হেঁচাত পঞ্চায়ত নিৰ্বাচন  অহা ১৫ ডিচেম্বৰৰ পূৰ্বেই আয়োজন তথা অনুষ্ঠিত কৰা হ'ব ।

গুৱাহাটী পৌৰনিগম নিৰ্বাচনৰ ক্ষেত্ৰতো এনে ধৰনৰ ঘটনা হোৱা নাই,ইয়াৰোপৰি গুৱাহাটী পৌৰ নিগম কাউঞ্চিলাৰ নাইবা কোনো নাগৰিকে জুলাই মাহত ঘূৰি অহা কাউঞ্চিলৰ কাৰ্যকালৰ পিছতো গুৱাহাটী পৌৰনিগম নিৰ্বাচন আয়োজন কৰিবলৈ আদালতক আৱেদন কৰা হয় ।

পঞ্চায়তৰ কাৰ্যকাল যোৱা বছৰতে সমাপ্তি ঘটিছিল আৰু তেতিয়াৰ পৰাই এই বিষয়কলৈ বহ চৰ্চা হৈ আছে, বিজেপি চৰকাৰে ভয়ত বিভিন্ন যেনে; ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন প্ৰক্ৰিয়া আৰু অন্যান্য বিভিন্ন কাম-কাজৰ অযুহাত দেখুওৱাই যোৱা বছৰতে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন স্থগিত কৰি ৰাখে ।


বিজেপি চৰকাৰৰ পৰা জানিব পৰা তথ্যানুসৰি,'বিজেপি চৰকাৰৰ মতে নিৰ্বাচন হ'লে বিৰোধী দলৰ ক্ষমতাৰ কাৰন হ'ব পাৰে । কিন্তু, জিএইচচিয়ে আদেশ কৰিছে যিহেতু,সেয়ে চৰকাৰে ১৫ ডিচেম্বৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । বিশেষ তথ্যানুসৰি ডিচেম্বৰ মাহৰ শেষত আৰু জানুৱাৰী মাহৰ আৰম্ভনিতে স্কুল-কলেজ সমূহৰ পৰীক্ষা চলি থাকিব,সেয়ে চৰকাৰে ১৫ ডিচেম্বৰৰ পূৰ্বে নিৰ্বাচন আয়োজন তথা অনুষ্ঠিত কৰিব লাগিব ।
            
ৰাজ্যিক নিৰ্বাচন অধীক্ষক এইচ এন বড়াই তাৎক্ষনিক ভাৱে "মডেল কোড অৱ কণ্ডাক্ট" ব্যৱহাৰ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৫ নৱেম্বৰত অধিসূচনা ঘোষনা কৰে ।

যদিওবা পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে,কিন্তু গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ২০১৯ৰ লোক সভাৰ নিৰ্বাচনৰ পিছতহে অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ।

গুৱাহাটীৰ বিজেপি কাউঞ্চিলাৰ এগৰাকীয়ে 'জি-প্লাছ'ৰ আগত মত প্ৰকাশ কৰা অনুসৰি,"পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছত এই সন্দৰ্ভত আমি সোধ-পুছ কৰিছিলো; তেতিয়া দলে ২০১৯ চনৰ সাধাৰন নিৰ্বাচনৰ পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আগ্ৰহৰ কথা মত প্ৰকাশ কৰে" । 

কংগ্ৰেছ দলে এই বিষয়ত লাভ উঠাই আছে আৰু বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই 'জি-প্লাছ'ৰ আগত মত প্ৰকাশ কৰি কয় যে,"বিৰোধী দলৰ প্ৰতি ভয় কৰি বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ চেষ্টা কৰে,কিন্তু এতিয়া সেই ভুলৰ পৰিনাম দেখিব যি ভুল তেওঁলোকে শেষৰ তিনিবছৰৰ পৰা কৰি আহিছে"।

বিজেপিয়ে বিৰোধী সত্বাৰ কাৰক সমূহৰ সন্মুখত ভয় কৰিছে নেকি? 'জি-প্লাছে' এই সন্দৰ্ভত বিজেপি নেতাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবৰ বাবে চেষ্টা কৰিছিল যদিও তেওঁলোকে এই সন্দৰ্ভত কোনো ধৰনৰ মতামত প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ নকৰে বৰঞ্চ নিৰ্বাচনৰ পিছতহে প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে ।    


পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু - কংগ্ৰেছ

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষনা কৰা হৈছে,কিন্তু প্ৰস্তুতিৰ বাবে মাজত এক মাহ সময়ো নাই,অসম প্ৰদেশ কংগ্ৰেছ কমিটী (এপিচিচি)য়ে নিৰ্বাচনত জয় লাভ কৰিব বুলি আত্মবিশ্বাস ৰাখিছে বুলি দাবী উত্থাপন কৰে ।

বিৰোধী দলৰ মুখ্য নেতা দেৱব্ৰত শইকীয়াই কয় যে,"আমি যোৱা এবছৰৰ পৰা নিৰ্বাচনৰ বাবে প্ৰস্তুতি কৰি আহিছো আৰু আমি জয়লাভ কৰিম বুলি বিশ্বাস ৰাখিছো"।

তেওঁ দাবী কৰে যে,ভাৰতীয় জনতা দলে(বিজেপি) 'মিছা' প্ৰতিশ্ৰুতিৰে গ্ৰাম্য লোক সকলক আশা দিয়াৰ চেষ্টা কৰিছে,কিন্তু জনগনে যোৱা তিনিবছৰ ধৰি কি ধৰনৰ সমস্যাৰ সন্মুখীন হৈ আহিছে সেই বিষয়ে তেওঁলোকেহে জানে আৰু সেয়ে তেওঁলোকে সেই অনুযায়ী ভোট প্ৰদান কৰিব। 

শইকীয়াই কয় যে,'জন ধন যোজনা চাহ শ্ৰমিক আৰু খেতিয়ক সকলৰ বাবে বীজ ঘোষনাৰ পিছতো ইয়াৰ পৰা সহায় নাপালে কাৰন গ্ৰামীন জনতা সকলে  যোৱা তিনি বছৰ ধৰি ভুগি আহিছে । শইকীয়াই কয় যে,"কোনো ধৰনৰ বিকাশ হোৱা নাই"। 

শইকীয়াই কয় যে,'বিমুদ্ৰাকৰন আৰু অপৰিকল্পিত পন্য আৰু সেৱা কৰ (জি এছ টি)ৰ বাস্তবায়িত সিদ্ধান্তই কংগ্ৰেছৰ উপকৃত সাধন কৰিব।


“নাগৰিকত্ব সংশোধনী বিধেয়কে ক্ষতি কৰিব বিজেপিক” – বিজেপি সূত্ৰ

নাগৰিকত্ব (সংশোধনী) বিল,২০১৬ পঞ্চায়ত নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা দলক নকৰাত্মক ৰূপত প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে কাৰন অসমীয়া লোক সকলে এই বিধেয়কৰ প্ৰতি সুখী নহয় । 

বিজেপিৰ এক তথ্যানুসৰি,"নাগৰিকত্ব (সংশোধনী) বিধেয়ক দলক ক্ষতি কৰাৰ সম্পূৰ্ন সম্ভাৱনা আছে,কাৰন ৰাজ্য খনৰ অধিকাংশ লোকে এই বিলৰ সিদ্ধান্তৰ বিপক্ষে আছে" ।

ইয়াৰোপৰি জানিব পৰা তথ্যানুসৰি গ্ৰাম্য অঞ্চলৰ প্ৰায় লোক এই বিলৰ বিষয়ে বৰ্তমান সময়লৈ অজ্ঞাত আৰু বহু লোকৰ মতে,যদি এই বিধেয়ক খন সংশোধিত হয় তেন্তে বহু প্ৰৱাসীয়ে অসমত বাস কৰিবলৈ অনুমতি লাভ কৰিব । 

অলপতে ৰাজ্যব্যাপী হৈ যোৱা বন্ধটো সমগ্ৰ অসমৰ জনসাধাৰনৰ লগতে একাংশ চৰকাৰী বিষয়াইয়ো সমৰ্থন জনাইছিল ।

৬০ টা সংগঠনেই এই বিলৰ বিৰোধিতা কৰিছে আৰু অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দলে ঘোষনা কৰিছে যে,যদিহে বিলখন সংশোধন হয় তেন্তে তেওঁলোকে বিজেপিৰ সৈতে থকা সম্পৰ্ক ত্যাগ কৰিব।