বছৰটোত কেন্দ্ৰ চৰকাৰে কি কি কৰিলে উত্তৰ-পূৱৰ বাবে?
প্ৰবন্ধ

বছৰটোত কেন্দ্ৰ চৰকাৰে কি কি কৰিলে উত্তৰ-পূৱৰ বাবে?

জিপ্লাছ ডেস্ক | December 30, 2018 14:31 hrs

২০১৮ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে চৰকাৰে নিম্নোক্ত পদক্ষেপসমূহ গ্ৰহণ কৰিছেঃ

উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি মঞ্চঃ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ
•    ২১ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নিটি আয়োগৰ এক বিশেষ মঞ্চ স্থাপন কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে৷ এই মঞ্চৰ সহ অধ্যক্ষ পদত আছে নিটি আয়োগৰ উপাধ্যক্ষ আৰু ড’নাৰৰ সচিব৷ এই মঞ্চই কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰস্তাৱনাসমূহ পৰীক্ষা কৰে আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰে৷

•    নৱগঠিত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিটি মঞ্চ’ৰ প্ৰথমখন বৈঠক ১০ এপ্ৰিল তাৰিখে ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত হৈছিল৷ নিটি আয়োগ, ডনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব পৰিষদৰ উদ্যোগত উক্ত বৈঠকখন অনুষ্ঠিত হৈছিল৷ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প সন্দৰ্ভত মঞ্চই প্ৰস্তাৱ আগবঢ়ায় আৰু এই প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চাৰণ কৰা ভিত্তিত ‘এইচআইআৰএ’ (ৰাষ্ট্ৰীয় ঘাইপথ, আন্তঃদেশীয় জলপথ, ৰে’লৱে আৰু বায়ুপথ)ৰ ধাৰণা অনুসাৰে গ্ৰহণ কৰা হয়৷ তাৰোপৰি শিক্ষা, স্বাস্থ্য আৰু দক্ষতা উন্নয়নতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷

•    ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা নিটি মঞ্চৰ দ্বিতীয়খন বৈঠকত ডঃ জিতেন্দ্ৰ সিঙে কয় যে কেন্দ্ৰৰ সহযোগিতাত উত্তৰ পূৰ্বাঞ্চলত বাঁহ উদ্যোগৰ ক্ষেত্ৰত কেতবোৰ বিশেষ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ অঞ্চলটোত দেশৰ মুঠ বাঁহ উৎপাদনৰ ৬০% উৎপাদন হোৱা স্বত্বেও এতিয়ালৈ কাৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই৷
ৰাষ্ট্ৰীয় বাঁহ অভিযান

•    ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে বাৰ্ষিক বাজেটত ১,২৯০ কোটি টকা আৱণ্টনেৰে ‘‘ৰাষ্ট্ৰীয় বাঁহ অভিযান’’ৰ কথা ঘোষণা কৰে৷ সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য প্ৰদান কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাঁহ অভিযান এক উল্লেখযোগ্য পদক্ষেপ আৰু বিত্ত মন্ত্ৰীৰ এই ঘোষণাই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বিকাশৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰয়াসক প্ৰতিফলিত কৰিছে৷
ভাৰতৰ বিমানবন্দৰৰ মানচিত্ৰত স্থান পালে ছিক্কিমে

•    ২৪ ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিক্কিমত পাকয়ং বিমানবন্দৰ মুকলি কৰে৷ হিমালয়ান ৰাজ্যত এইটো প্ৰথমটো বিমানবন্দৰ হোৱাৰ লগতে দেশৰ ১০০তম বিমানবন্দৰ৷ সাধাৰণৰ মানুহৰ ব্যয়সাধ্য হোৱাকৈ পাকয়ং বিমান বন্দৰটো উড়ান আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে৷
ডিজিটেল নৰ্থ ইষ্ট ভিজন ২০২২ মুকলি

•    ১১ আগষ্ট তাৰিখে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰবি শংকৰে গুৱাহাটীত ‘ডিজিটেল নৰ্থ ইষ্ট ভিজন ২০২২’ মুকলি কৰে৷ এই ভিজন ডকুমেণ্টত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত ডিজিটেল প্ৰযুক্তি প্ৰৱৰ্তনৰ দ্বাৰা জীৱন সৰল কৰি ইজ অব্ লিভিঙৰ উত্তৰণ কৰাক প্ৰাধান্য দিয়া হৈছে৷ এই ভিজন ডকুমেণ্টত আঠটা প্ৰধান ডিজিটেল ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে- ডিজিটেল আন্তঃগাঁথনি, ডিজিটেল সেৱা, ডিজিটেল সৱলীকৰণ, বৈদ্যুতিন সঁজুলিৰ প্ৰচাৰ, তথ্য প্ৰযুক্তি আৰু বিপিঅ’ৰ প্ৰচাৰ, ডিজিটেল লেনদেন, উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ তথা চাইবাৰ সুৰক্ষা৷ ডিজিটেল নৰ্থ ইষ্ট ভিজন ২০২২ৰ অংশ হিচাপে গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক ক্লাউড হাব স্থাপন কৰা হ’ব৷ ৫০ হাজাৰ ৰাজ্যিক কৰ্মচাৰীৰ বাবে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ বাবে সামৰ্থ নিৰ্মাণ কৰা হ’ব৷ তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ পূৰ্বে ম’বাইলৰ সংযোগ নথকা স্থানসমূহতো ম’বাইলৰ সংযোগ প্ৰদানৰ নিশ্চিতি প্ৰদান কৰা হৈছে৷ এই সন্দৰ্ভত বক্তব্য প্ৰদান কৰি শ্ৰী প্ৰসাদে উত্তৰ পূৰ্বাঞ্চলৰ সৰু সৰু চহৰসমূহত বিপিঅ’ৰ উত্তৰণ কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ছয়খন চিকিৎসা মহাবিদ্যালয়ত ই-শ্ৰেণীকোঠা স্থাপন হ’ব বুলি জানিবলৈ দিয়ে৷ নদী দ্বীপ মাজুলীত বিপিঅ’ কেন্দ্ৰ মুকলি কৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিভিন্ন প্ৰকল্প মুকলি কৰা হয়৷
নতুন ৰে’ল ‘অৰুণাচল এক্সপ্ৰেছ’ৰ ফ্লে’গ অফ্ কৰা হয়

•    ১ মাৰ্চ তাৰিখে নাহৰলগুণ ৰে’লৱে ষ্টেচনৰ পৰা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু আৰু শ্ৰী ৰাজেন গোঁহায়ে নাহৰলগুণ আৰু অৰুণাচল প্ৰদেশৰ মাজত এখন নতুন ৰে’ল তথা ৰাষ্ট্ৰৰ ৰাজধানীত আনন্দ বিহাৰ টাৰ্মিনেল মুকলি কৰে৷ ‘অৰুণাচল এক্সপ্ৰেছ’ হিচাপে খ্যাত এই নতুন ৰে’লখনে নাহৰলগুণ আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত ২,০১৩ কিলোমিটাৰ দূৰত্ব কেৱল ৩৮ ঘণ্টা, ১৪টা ষ্ট’পেজৰ সৈতে সামৰি ল’বলৈ সমৰ্থ হয়৷ এয়া অৰুণাচলৰ বাবে দ্বিতীয় তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে চৈধ্যতম ৰে’ল যিয়ে ৰাষ্ট্ৰৰ ৰাজধানীৰ সৈতে সংযোজিত কৰিছে৷ এই উপলক্ষে শ্ৰী ৰিজিজুৱে কয় যে ১১টা ৰে’লৱে প্ৰকল্পৰ সৰ্বেক্ষণৰ সৈতে অৰুণাচল প্ৰদেশ বিকাশৰ নতুন দৌৰত জপিয়াই পৰিছে যিয়ে অতি শীঘ্ৰেই ৰাজ্যখনৰ চেহেৰা পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হ’ব৷
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে

•    ১৬ মাৰ্চত প্ৰধানমন্ত্ৰী মণিপুৰত ৭৫০ কোটি টকাৰ এক উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ তেওঁ ৰাজ্যখনত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, ১০০০ টা অংগনৱাড়ী কেন্দ্ৰ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী হ’ল ‘পৰিবহণৰ দ্বাৰা পৰিৱৰ্তন’৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল নতুন ভাৰতৰ উন্নতিৰ এক নতুন ইঞ্জিন স্বৰূপ৷ তেওঁ কয় যে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে তথা দেশৰ অন্য প্ৰান্তৰ সৈতে সামঞ্জস্য হোৱাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ উত্তৰ পূৰ্বাঞ্চলত প্ৰধানমন্ত্ৰীয়ে নিজে বিগত চাৰি বছৰত ২৫ বাৰতকৈও অধিক ভ্ৰমণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷

উত্তৰ পূৰ্বাঞ্চলত পৰ্যটন
•    উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ বিকাশৰ বাবে ড’নাৰ মন্ত্ৰালয়ে বিত্ত মন্ত্ৰালয়ক উচ্চ পৰিমাণৰ ধনৰ আৱণ্টন তথা বিশেষ পেকেজ মুকলিৰ বাবে আহ্বান জনাইছে৷ ১১ মে’ত অনুষ্ঠিত হোৱা এখন বৈঠকত পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী কে.জে.আলফনছ, ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ‘উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি আঁচনি (এনইএছআইডিএছ)’ৰ অধীনত ড’নাৰ মন্ত্ৰালয়ে অঞ্চলটোত পৰ্যটনৰ প্ৰসাৰৰ বাবে পানী যোগান, শক্তি আৰু যোগাযোগৰ আন্তঃগাঁথনিৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিছে৷ তেওঁ কয় যে এয়া উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পূৰ্বৰ আঁচনিসমূহতকৈ ঊৰ্ধত৷ ডঃ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ পূব আয়োগ (এনইচি)ৰ অধীনত অঞ্চলটোত বিষয়ভিত্তিক পৰ্যটন প্ৰসাৰৰ দিশত কাম চলি আছে৷

•    ১৯ মাৰ্চত উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ প্ৰসাৰৰ বাবে ড’নাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত চাৰিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ ইয়াৰ দ্বাৰা অনাগত তিনিটা বছৰত উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটকৰ আগমন দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ আন এখন বুজাবুজিৰ চুক্তিপত্ৰ বিকাশৰ বাবে সামাজিক সম্পদ আৰু প্ৰযুক্তিভিত্তিক স্থানীয় সম্পদৰ উত্তৰণৰ বাবে স্বাক্ষৰিত হৈছে৷ এই চুক্তিপত্ৰসমূহত স্বাক্ষৰ কৰাৰ পিছত ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ সামূহিক বিকাশৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ হোৱাটো এক প্ৰধান লক্ষ্য৷ আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যতা তথা সাংস্কৃতিক ঐতিহ্যৰ দিশক গুৰুত্ব প্ৰদান কৰি পৰ্যটনৰ বিকাশ সদায়েই আমাৰ মূল লক্ষ্য হৈ পৰিছে৷

•    ১৪ অক্টোবৰত ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে বিগত চাৰিটা বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনে এক নতুন দিগন্ত স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে কিয়নো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ হস্তক্ষেপত কেন্দ্ৰীয় চৰকাৰে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ দুৰ্গম অঞ্চলসমূহলৈ যোগাযোগ প্ৰক্ৰিয়া সম্প্ৰসাৰণৰ ফাষ্ট-ট্ৰেক প্ৰক্ৰিয়াই দূৰণিৰ পৰ্যটকসকলক আকৰ্ষিত কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলক অৱসৰৰ সময় উদযাপনৰ এক বিশেষ লক্ষ্য স্থান হিচাপে পৰিগণিত কৰিছে৷

•    উত্তৰ পূৰ্বাঞ্চলত পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ বাবে নতুন দিল্লীত ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ‘এক্সপেৰিয়েন্সিং নৰ্থ ইষ্ট’ শীৰ্ষক উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়ত এক উৎসৱৰ আয়োজন কৰা হয়৷ এই উৎসৱৰ আয়োজন কৰিছিল ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰৰ সহযোগত ড’নাৰ মন্ত্ৰালয় তথা উত্তৰ পূব আয়োগে (এনইচি)৷ এই উৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ কলা, হস্ততাঁত, পৰ্যটন, খাদ্য, সংস্কৃতি আদি প্ৰদৰ্শন কৰা হৈছিল৷
অন্যান্য সফলতাসমূহ

•    ৩১ মে’ তাৰিখে ড’নাৰ মন্ত্ৰালয়ে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু বেংগালোৰ বিশ্ববিদ্যালয়ত উত্তৰ পূব আয়োগ (এনইচি) আৰু ড’নাৰ মন্ত্ৰালয়ৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে আৱাসিক হোষ্টেল নিৰ্মাণৰ কথা ঘোষণা কৰে৷ আনহাতে দিল্লীৰ ৰোহিণী অঞ্চলতো উত্তৰ পূবৰ শিক্ষাৰ্থীৰ হোষ্টেল নিৰ্মাণৰ বাবে স্থান অধিগ্ৰহণ কৰা হৈছে৷ একেসময়তে দিল্লীৰ দ্বাৰকাত উত্তৰ পূব সন্মিলন তথা সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ বাবে তিনি একৰতকৈও অধিক ভূমি অধিগ্ৰহণ কৰা হৈছে৷

•    ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত ‘‘উত্তৰ পূব আয়োগৰ বাবে আঁচনিসমূহৰ কেবিনেট অনুমোদনৰ প্ৰণয়নৰ ৰোডমেপ’ শীৰ্ষক এখন পুনৰীক্ষণ বৈঠকত দিল্লীত উত্তৰ পূব সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ এই বৈঠকত উত্তৰ পূৰ্বাঞ্চলত চলি থকা বিভিন্ন প্ৰকল্পসমূহৰ উত্তৰণ সম্পৰ্কে পুনৰীক্ষণ কৰা হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক অগ্ৰাধিকাৰ দিয়াৰ পৰিপ্ৰেক্ষিতত ডঃ জিতেন্দ্ৰ সিঙে কয় যে এয়া উত্তৰ পূবৰ জনসাধাৰণৰ বাবে এক নতুন উপহাৰ হ’ব৷ তেওঁ কয় যে এই কেন্দ্ৰটো দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বাবে তথ্য তথা সাংস্কৃতিক সমাৰোহৰ কেন্দ্ৰ হিচাপে বিবেচিত হ’ব৷

•    ১৯ মাৰ্চৰ পৰা ২০ মাৰ্চ তাৰিখলৈ মেঘালয়ৰ শ্বিলঙত দুদিনীয়াকৈ ‘‘দা এজ অব্ মাল্টিলেটাৰেলিজম এণ্ড কানেক্টিং ইণ্ডিয়াজ নৰ্থ ইষ্টঃ অপৰচুনিটী এণ্ড চেলেণ্ডেজ’’ শীৰ্ষক এক আন্তৰ্জাতিক সন্মিলন ড’নাৰ মন্ত্ৰালয়, ইণ্ডিয়ান কাউন্সিল অব্ ৱৰ্ল্ড এফেয়াৰ্ছ (আইচিডব্লিউএ) আৰু এছিয়ান কনফ্লুৱেন্সৰ উদ্যোগত অনুষ্ঠিত হয়৷ উক্ত সন্মিলনখনত বক্তব্য প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে কায়িক প্ৰচাৰৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ মনোবৈজ্ঞানিক প্ৰচাৰ হোৱাটোও আৱশ্যক৷ কেন্দ্ৰীয় চৰকাৰৰ ফাষ্ট-ট্ৰেক পদক্ষেপৰ ফলত অঞ্চলটোত বায়ু, ৰে’ল তথা পথ যোগাযোগত সাগৰ সদৃশ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বুলি ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰে৷

•    ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ২২ ফেব্ৰুৱাৰী তাৰিখে ‘‘ইনক্লুছিভ ট্ৰাইবেল কংগ্ৰেগেছন’’ শীৰ্ষক এক আন্তৰ্জাতিক সন্মিলনৰ পৰিকল্পনা অধিৱেশনত বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘নতুন ভাৰত’’ৰ সপোন সমাজৰ প্ৰতিটো অংশৰ ভিন্ন আৰ্থ-সামাজিক দৃশ্যপটৰ মাজত সম উত্তৰণৰ দ্বাৰা প্ৰভাৱিত৷ দৰিদ্ৰসকলে যাতে নিজৰ দৰিদ্ৰতা দূৰ কৰিব পৰাকৈ সমৰ্থ হয় তাৰবাবে চৰকাৰে প্ৰয়াস কৰিছে৷