কলিয়াবৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ
দৈনিক বাতৰি

কলিয়াবৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

জিপ্লাছ সংবাদ, কলিয়াবৰ | December 25, 2018 10:20 hrs

কলিয়াবৰ, ২৫ ডিচেম্বৰ - কলিয়াবৰ তিনিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। চিপজৰী লোৱা আৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম পাপৰি বৰুৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিশ্বনাথ চাৰিআলিৰ পাপৰি বৰুৱা নামৰ এই মহিলাগৰাকী বিগত সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে, বেংকলৈ ধন উলিয়াবলৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল মহিলাগৰাকী। ধনৰ লোভতেই কোনো লোকে হত্যা কৰি এনেদৰে ওলোমাই ৰাখিছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

ইতিমধ্যে কলিয়াবৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Banner

মৃত মহিলাগৰাকী