উদ্ধৱ ভড়ালীৰ এয়াৰ ছেনিটাইজাৰলৈ ডিআৰডিঅ’ৰ অনুমোদন
দৈনিক বাতৰি

উদ্ধৱ ভড়ালীৰ এয়াৰ ছেনিটাইজাৰলৈ ডিআৰডিঅ’ৰ অনুমোদন

জিপ্লাছ | May 09, 2020 16:35 hrs

গুৱাহাটী - কৰ’না মহামাৰীৰ এই সময়ছোৱাত সাধাৰণ ৰাইজৰ বাবে বিশিষ্ট প্রযুক্তিবিদ পদ্মশ্রী উদ্ধৱ ভড়ালীয়ে এইবাৰ উদ্ভাৱন কৰিছে এয়াৰ ছেনিটাইজাৰ৷ বন্ধ কোঠাত ছেনিটাইজ কৰিব পৰাকৈ এবিধ আহিলা প্রস্তুত কৰি উলিয়াইছে উদ্ভাৱক উদ্ধৱ ভড়ালীয়ে৷ লখিমপুৰ জিলা প্রশাসনৰ অনুৰোধত কেইবাজনো চিকিৎসকৰ পৰামর্শ লৈ প্রস্তুত কৰি উলিয়াইছে এই বায়ু ছেনিটাইজাৰ৷

সাধাৰণভাৱে ব্যৱহাৰ হোৱা মহ মৰা গুড নাইট অথবা অল আউটৰ বটলত এই মিশ্রণ ভৰাই বিদ্যুৎ সংযোগ কৰি কোঠাত ছেনিটাইজ কৰিব পাৰি আহিলাৰে৷ বিশেষ কোনো খৰচো নাই এই ছেনিটাইজেশ্যন প্রক্রিয়াত৷ ইতিমধ্যে ইয়াত ব্যৱহূত জুলীয়া মিশ্রণ তথা এই পদ্ধতিৰ ক্ষেত্রত পৰীক্ষাগাৰত পৰীক্ষা সম্পন্ন হৈছে৷ অতি কম সময়ৰ ভিতৰত ভাপ নির্গত কৰিবৰ বাবে ছেনিটাইজাৰ ভৰোৱা পাত্রটোত এটা ছিৰিঞ্জেৰে বায়ু ভৰোৱা হয়৷

মাত্র দুইৰ পৰা পাঁচ মিনিটৰ ভিতৰতে ছেনিটাইজ কৰিব পৰা এয়াৰ ছেনিটাইজাৰটো ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্র্যালয়ৰ অধীনস্থ তেজপুৰ প্রতিৰক্ষা গৱেষণাগাৰে স্বীকৃতি দিছে৷ ছেনিটাইজাৰটোৰ বিভিন্ন দিশ পৰীক্ষা কৰি প্রতিৰক্ষা গৱেষণাগাৰে গঠন কৰা সমিতিখনৰ মুৰববী ড০ বি জে গগৈ, ড০ প্রশান্ত ৰৌল, ড০ পি চতোপাধাই আৰু সুমিত কিশোৰে উদ্ভাৱনৰ বাবে অনুমোদন জনায়৷

উদ্ভাৱকজনৰ মতে মানৱ শৰীৰৰ বাবে ৯০ শতাংশই অনিষ্টকাৰী নহয়৷ বজাৰত সহজলক্ষ্য গুড নাইট, অল আউটৰ বটলত ছেনিটাইজাৰ ভৰাই বিদ্যুৎ সংযোগ কৰিলে এই কোঠাৰ ভিতৰত একোজন মানুহ ছেনিটাইজ হোৱাৰ লগতে অন্যান্য সামগ্রী ছেনিটাইজড কৰিব পৰা যাব দুইৰ পৰা পাঁচ মিনিটৰ ভিতৰতে৷

Banner