চৰাইদেউৰ মাহমৰা সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী
দৈনিক বাতৰি

চৰাইদেউৰ মাহমৰা সমষ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী

চৰাইদেউ, জিপ্লাছ সংবাদ | July 08, 2019 13:28 hrs

০৮ জুলাই, চৰাইদেউ - শূন্য সহনশীলতাৰ শ্ল'গান আওঁৰাই থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখন কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনত থকাৰ পিছতো খোদ প্ৰধানমন্ত্ৰীৰ নামত অনুমোদিত আঁচনিতে বিভিন্ন কেলেংকাৰীৰ তথ্য নিতৌ পোহৰলৈ আহিছে। শেহতীয়াকৈ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিত এই আঁচনিৰ নামত ব্যাপতক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত অভিযোগ অনুসৰি ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংপানী উন্নয়ন খণ্ডৰ উদয়পুৰ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সৃষ্টি হৈছে ব্যাপক কেলেংকাৰী। পঞ্চায়তখনৰ একাধিক ৱাৰ্ডত চলি আছে এই কেলেংকাৰী। এই অভিযোগ একাংশ হিতাধিকাৰীৰ।

এই সন্দৰ্ভত জিপ্লাছৰ এই প্ৰতিনিধিয়ে চলোৱা এক অনুসন্ধানত এই বিষয়ে মুখ খুলিছে বহু কেইগৰাকী হিতাধিকাৰীয়ে। উদয়পুৰ পঞ্চায়তৰ চাৰি আৰু পাঁচ নং ৱাৰ্ডত তিনিগৰাকী হিতাধিকাৰীয়ে এই কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি ২০১৬-১৭ বৰ্ষত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত চাৰি নং ৱাৰ্ডৰ আলমণি চৰেণ আৰু পাঁচ নং ৱাৰ্ডৰ কৰণ গোৱালা আৰু উপেন তাঁতীৰ নামত একোটাকৈ গৃহ আৱণ্টিত হৈছিল। সেই অনুসৰি তিনিও গৰাকী হিতাধিকাৰীৰ নামত অসম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টত টকা জমা হোৱাত প্ৰথম কিস্তিত ৩৫ হাজাৰ টকা উলিওৱা বিপৰীতে দ্বিতীয় কিস্তিত ৭৫ হাজাৰ টকা উলিয়াই গৃহ নিৰ্মাণৰ কাম কৰা হৈছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে হিতাধিকাৰীসকল অতি দৰিদ্ৰ তথা অশিক্ষিত হোৱাৰ সুযোগ গ্ৰহণ কৰি স্থানীয় প্ৰতিনিধি জনৈক পালে তেওঁলোকৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ স্বাৰ্থত আহৰণ কৰা ধন নিজৰ হাতত ৰাখি নিৰ্মাণ কাৰ্য চলায়। আৰু পৰৱৰ্তী সময়ত নিৰ্মাণ কাৰ্য আধাতে সামৰে ধন শেষ হোৱাৰ অজুহাতত।



মন কৰিবলগীয়া যে সমপৰিমাণৰ ধন আহৰণ কৰাৰ পাছতো কৰণ গোৱালাৰ ঘৰৰ কাম প্ৰায় ৮০ শতাংশ সম্পূর্ণ হোৱাৰ বিপৰীতে উপেন তাঁতী নামৰ দৰিদ্ৰ বৃদ্ধ লোকজনৰ ঘৰটোৰ কাম প্ৰায় ৬০ শতাংশ আৰু আলমনি চোৰেন নামৰ বৃদ্ধা গৰাকীৰ ঘৰৰ কাম আধাও সম্পূর্ণ নোহোৱাকৈ পৰি ৰয়। সম্প্ৰতি আলমনি চোৰেনৰ ঘৰটো হাবি জংঘলেৰে আবৃত হৈ পৰিছে। আনহাতে এই সন্দৰ্ভত ঘৰ কেইটাৰ কাম কিয় হোৱা নাই বুলি সুধিলে জনৈক পাল নামৰ ব্যক্তি জনে হিতাধিকাৰীক গালি পৰা বুলিহে অভিযোগ কৰিছে হিতাধিকাৰীয়ে।



মন কৰিবলগীয়া যে চৰাইদেউ আৰু ডিব্ৰুগড়ৰ জিলাৰ সীমান্তবৰ্তী অঞ্চল হোৱাৰ অজুহাততেই জনপ্ৰতিনিধি তথা চৰকাৰী বিষয়া-কৰ্মচাৰী চৰকাৰী আঁচনিসমূহ পৰিদৰ্শন কৰিবলৈ নাহে। ইয়াৰে সুবিধা গ্ৰহণ কৰিয়েই একাংশ তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক কৰ্মীয়ে এনেদৰেই ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে।



এই তিনিগৰাকী হিতাধিকাৰী কেৱল মাত্ৰ উদাহৰণহে। এনে বহু হিতাধিকাৰী আছে বা বহু আঁচনি আছে য’ত আঁচনি ৰূপায়ণত তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক কৰ্মীয়ে সংঘটিত কৰিছে চূড়ান্ত দুৰ্নীতি। শূণ্য সহনশীলতাৰ শ্ল'গান দিয়া বিজেপি চৰকাৰে এই দুৰ্নীতিকাৰী সকলক নাকী লগাবলৈ সক্ষম হব নে? এয়া লক্ষণীয় হ’ব।

Banner