অসমৰ গোলাপ ৰাভালৈ মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ
লঘূ বিষয়

অসমৰ গোলাপ ৰাভালৈ মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ

জি-প্লাছ নিউজডেস্ক | October 22, 2018 12:02 hrs

গুৱাহাটী - 

বিশ্ব ক্ৰীড়াক্ষেত্ৰত পুনৰ উজ্বলি উঠিল অসম সন্তান।
এইবাৰ শৰীৰ চৰ্চা প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ডৰ সন্মান লাভ গোলাপ ৰাভাৰ।
WFF-WBBF য়ে আয়োজন কৰা প্ৰতিযোগিতাত MR. WORLD খিতাপ দখল কৰিলে গোলাপ ৰাভাই। বিগত ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

উল্লেখ্য যে বকোৰ কালিয়াবড়ীৰ গোলাপ ৰাভাই ইয়াৰ পূৰ্বে ২০১৭ আৰু ২০১৮ বৰ্ষত MR. INDIA খিতাপ আৰু ২০১৮ বৰ্ষতে MR. ASIA খিতাপো অৰ্জন কৰিবলৈ সক্ষম হৈছিল।