অসমীয়া উদ্যোগীলৈ 'Social Changemaker Award'

Thursday, 26 November 2020

লঘূ বিষয়

অসমীয়া উদ্যোগীলৈ 'Social Changemaker Award'

জিপ্লাছ নিউজডেস্ক | November 28, 2018 14:13 hrs

গুৱাহাটী - অসমৰ উদ্যোগী যুৱক মাইহুৰ্ছা বড়োলৈ আগবঢ়োৱা হৈছে সন্মানীয় ‘ছ’চিয়েল চেঞ্জমেকাৰ বঁটা’। ইণ্ডিয়ান আৱাজৰ দ্বাৰা প্ৰদান কৰা এই সন্মানীয় বঁটা আগবঢ়োৱা হয় কলকাতাৰ চাৰ্কোল ক্লাৱত অলপতে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত। অসমৰ ওদালগুড়িৰ যুৱক মাইহুৰ্ছা বড়োৱে একান্ত অধ্যৱসায় তথা একাগ্ৰতাৰে ২০১০ চনতে ৱাইপিএম গ্ৰুপ স্থাপন কৰি নিজৰ লগতে ভালেমান যুৱক-যুৱতীক সংস্থাপনৰ পথ প্ৰদৰ্শন কৰিছে। সমাজ সংস্কাৰ তথা উত্তৰণৰ বাবে সদায়েই সক্ৰিয় হৈ থাকি বড়োৱে যুৱ প্ৰজন্মৰ মাজত এক অনুপ্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে ২০১২ চনত তেওঁক মুম্বাইৰ হুইছলিং উডছ ইণ্টাৰনেশ্যনেল স্কুল অৱ কমিউনিকেশ্যনেও 'Young Communication-Achiever Award' ৰে সন্মানিত কৰিছিল।