বন্ধ হ’ব জনপ্ৰিয় ধাৰাবাহিক ‘CID’, ২৭ অক্টোবৰত অন্তিম খণ্ড

Saturday, 23 November 2019

লঘূ বিষয়

বন্ধ হ’ব জনপ্ৰিয় ধাৰাবাহিক ‘CID’, ২৭ অক্টোবৰত অন্তিম খণ্ড

জি-প্লাছ নিউজডেস্ক | October 25, 2018 14:11 hrs

গুৱাহাটী - সুদীৰ্ঘ ২১ বছৰৰ পিছত বন্ধ হ’ব জনপ্ৰিয় ধাৰাবাহিক চিআইডিৰ সম্প্ৰচাৰ। অলপতে চিআইডি ধাৰাবাহিকৰ অন্যতম চৰিত্ৰাভিনেতা দয়ানন্দ ছেট্টিয়ে মুম্বাই মিৰৰৰ সমূখত দিয়া এক ভাষ্য অনুসৰি অহা ২৭ অক্টোবৰত সম্প্ৰচাৰিত হ’ব ধাৰাবাহিকখনৰ অন্তিমটো খণ্ড। 

উল্লেখ্য যে ১৯৯৮ চনৰে পৰা সম্প্ৰচাৰ হৈ থকা ধাৰাবাহিকখন ১৫৪০ টা খণ্ড ইতিমধ্যেই সম্প্ৰচাৰ হৈ গৈছে।

ইফালে, ছ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ তৰফৰ পৰা কোৱা হৈছে যে কিছু বিৰতিৰ পিছত দৰ্শকৰ মাজলৈ পুনৰ উভতি আহিব চিআইডি।

ধাৰাবাহিকখনৰ জনপ্ৰিয় চৰিত্ৰ ক্ৰমে এচিপি প্ৰদ্যুম্ন, ইনস্পেক্টৰ দয়া আৰু অভিজিৎৰ চৰিত্ৰকেইটা ৰূপায়ন কৰি আহিছে ক্ৰমে জনপ্ৰিয় চৰিত্ৰাভিনেতা শিৱাজী সত্যম, দয়ানন্দ ছেট্টি আৰু আদিত্য শ্ৰীবাস্তৱে।

ইফালে চিআইডিৰ দৰ্শকে চিআইডি ধাৰাবাহিকখন টেলিভিছনৰ পৰা আঁতৰোৱা সিদ্ধান্তৰ বিৰোধিতা আৰু ছ’নী টেলিভিছনক পুনৰ ওভতাই অনাৰ অনুৰোধেৰে টুইট আৰম্ভ কৰিছে।