ৰাণু মণ্ডল এইবাৰ গুৱাহাটীত, গুণগুণালে ‘তেৰি মেৰি কাহানি’
লঘূ বিষয়

ৰাণু মণ্ডল এইবাৰ গুৱাহাটীত, গুণগুণালে ‘তেৰি মেৰি কাহানি’

জিপ্লাছ ব্যুৰ’ | November 26, 2019 16:54 hrs

গুৱাহাটী - এইবাৰ গুৱাহাটীৰ ৰাজপথত দেখা গ’ল ৰাণু মণ্ডলক। মুখত সেই একেই ‘তেৰি মেৰি কাহানি’...ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাণু মণ্ডলে ফুটপাথত বহি গোৱা সেই চৰ্চিত তেৰি মেৰি কাহানি গীতটো।

গুৱাহাটীৰ মালিগাওঁ এলেকাত কোনো প্ৰত্যক্ষদৰ্শীয়ে গ্ৰহণ কৰা এটা ভিডিঅ’ত দেখা গৈছিল সাইলাখ ৰাণু মণ্ডলৰ চেহেৰাৰ এগৰাকী মহিলাই ফুটপাথত বহি একেদৰেই গীত পৰিৱেশন কৰি থকা দেখা গ’ল।