উত্তৰ-পূৱত মুকলি হ’ল জনপ্ৰিয় ৰেষ্টুৰেণ্ট য়’ক’ ছিজলাৰ্ছৰ প্ৰথমখন বিপনী
লঘূ বিষয়

উত্তৰ-পূৱত মুকলি হ’ল জনপ্ৰিয় ৰেষ্টুৰেণ্ট য়’ক’ ছিজলাৰ্ছৰ প্ৰথমখন বিপনী

জিপ্লাছ | May 01, 2019 20:03 hrs

গুৱাহাটী, ১ মে’, ২০১৯ – প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট য়’ক’ চিজলাৰ্ছৰ উত্তৰ-পূৱৰ প্ৰথমখন বিপনী আজি গুৱাহাটীত মুকলি কৰা হৈছে। গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ এফ ফ’ৰ্টত মুকলি কৰা হৈছে বিপনীখন। আজি বিপনীখনৰ গুৱাহাটী ফ্ৰেন্সাইজীৰ স্বত্ত্বাধিকাৰী নীনা ব্ৰহ্ম আৰু জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে বিপনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে।

উল্লেখ্য যে ১৯৮৬ চনতে প্ৰতিষ্ঠা হোৱা ৱাই এইচ ৰিজভি গ্ৰুপ অৱ কোম্পানীৰ এই য়’ক’ চিজলাৰ্ছৰ মেন্যুত আছে ক্ৰমে ষ্টিক্স, মাটন, চিকেন, ছীফুড আৰু নিৰামিষ ছিজলাৰৰ লগতে আন বহুতো ভিন্নতা। বিভিন্ন ধৰণৰ ছুপ, ককটেইল, ছালাড, ৰাইচ ডিলাইট, মিনি-মীল, ছেণ্ডৱিছ আৰু অন্যান্য সুস্বাদু সুমিষ্ট ডেজাৰ্ট। উল্লেখ্য যে বিভিন্ন চিত্ৰতাৰকা, ৰাজনীতিবিদ, ক্ৰীড়াবিদ, খাদ্য ৰসিকে সমগ্ৰ বিশ্বজুৰি এই ব্ৰেণ্ডটোৰ সৈতে জড়িত হৈছে। মুম্বাইত মুখ্য কাৰ্যালয় থকা এই ব্ৰেণ্ডটোৰ ভালেমান বিপনী ডুবাই, ড’হা আৰু অ’মানতো আছে। সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতেই প্ৰথমখন বিপনী হিচাপে পৰিগণিত হৈছে আজি গুৱাহাটীত মুকলি কৰা এই বিপনী।আজি এই বিপনী মুকলিক লৈ উল্লাস প্ৰকাশ কৰি ফ্ৰেন্সাইজীটোৰ স্বত্ত্বাধিকাৰ নীনা ব্ৰহ্মই কয়, উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীলৈ সমগ্ৰ বিশ্বতে  য়’ক’ ছিজলাৰ্ছক লৈ আহিবলৈ পাই আমি নথৈ আনন্দিত। এক ব্যয়সাধ্য মূল্যতে গুৱাহাটীবাসীক বিশ্বমানৰ খাদ্যৰ সোৱাদ দিবলৈ সক্ষম হ’ম বুলি আশা কৰিছো।”

মন্তব্য (1) মন্তব্য প্ৰেৰণ কৰক
  • Anis

    Guwahati is fast turning into a gastronomes' delight