বেতনৰ পৰা বঞ্চিত ৰাজ্যৰ ১,২০৯জন শিক্ষক
দৈনিক বাতৰি

বেতনৰ পৰা বঞ্চিত ৰাজ্যৰ ১,২০৯জন শিক্ষক

জিপ্লাছ নিউজ ডেস্ক | October 09, 2019 18:34 hrs

৯ ছেপ্তেম্বৰ, গুৱাহাটী : বেতনৰ পৰা বঞ্চিত ৰাজ্যৰ ১,২০৯জন শিক্ষকসকলক এমাহৰ ভিতৰত দৰমহা দিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ। ৰাজ্যখনৰ মুঠ ১,২০৯৩ গৰাকী শিক্ষকে বেতন নোহোৱাকৈ সুদীর্ঘ দিন কর্মৰত হৈ আছে। অসমৰ প্রাথমিক বিদ্যালয়সমূহত কর্মৰত অথচ বেতন বঞ্চিত ৮,৪৭০ গৰাকী শিক্ষকৰ দৰমহা এমাহৰ ভিতৰত মুকলি কৰি দিবৰ বাবে গুৱাহাটী উচচ ন্যায়ালয়ে নির্দেশ দিয়াৰ পাছত এতিয়া সমগ্র বিষয়টো চৰকাৰৰ সদিচ্ছাৰ ওপৰত নির্ভৰ কৰিছে ।

ইয়াৰ ভিতৰত শিৱসাগৰ জিলাতে ১,৫৩০ গৰাকী শিক্ষকে ২০১২ চনৰ ফেব্রুৱাৰীৰ পৰা দৰমহা লাভ কৰা নাই৷ যোৱা ৩ অক্টোবৰত গুৱাহাটী উচচ ন্যায়ালয়ৰ ন্যায়াধীশ N KOTISWAR SINGHৰ ক’র্টে দিয়া নির্দেশৰ ১৬ নং পেৰাগ্রাফত কর্মৰত ৮,৪৭০ জন শিক্ষকৰ এমাহৰ দৰমহা অক্টোবৰ মাহৰ ভিতৰত মুকলি কৰি দিবৰ বাবে চৰকাৰক নির্দেশ দিছে ৷
 নির্দেশটোত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে যিসকল শিক্ষক বর্তমানেও কর্মৰত হৈ আছে তেওঁলোকৰ ক্ষেত্রতহে এই নির্দেশ গ্রহণযোগ্য হ’ব ৷ 

ইয়াৰ আগতে গুৱাহাটী উচচ ন্যায়ালয়ত চলি থকা গোচৰত বেতন বঞ্চিত ১২০৯৩ গৰাকী শিক্ষকৰ ভিতৰত বিভিন্ন তদন্তৰ যোগেদি অসম চৰকাৰে ৮৪৭০ জন শিক্ষকহে নিয়মীয়াকৈ কর্মৰত বুলি শপতনামা দাখিল কৰিছিল ৷ 

ইয়াৰ আগতে অসম চৰকাৰৰ শিক্ষা বিভাগে এই বেতন বঞ্চিত ১২ হাজাৰোধিক শিক্ষকক চাৰিটা ভাগত ভাগ কৰিছিল৷ ইয়াৰ ভিতৰত প্রথম ভাগত যিসকল শিক্ষকে বুনিয়াদী প্রশিক্ষণ সম্পূর্ণ কৰিছিল আৰু ২০০৭ চন পর্যন্ত দৰমহা লাভ কৰিছিল৷ 

দ্বিতীয় ভাগত প্রশিক্ষণ নাছিল অথচ কর্মৰত হৈ দৰমহা লাভ কৰিছিল ৷ তৃতীয় ভাগত নিযুক্তি চৰকাৰীভাৱে হৈছিল কিন্তু দৰমহা লাভ কৰা নাছিল ৷ এনেদৰে চাৰিটা ভাগত ভাগ কৰি চৰকাৰে বিভিন্ন ধৰণৰ শপতনামা দাখিল কৰি বিষয়টো হোঁহকা-পিছলা কৰি আছিল ৷ 

উল্লেখযোগ্য যে এই শিক্ষকসকলৰ সৰহ ভাগেই চৰকাৰী নীতি-নিয়মৰ মাজেদি নিযুক্তি লাভ কৰিছিল৷ তেওঁলোকে ২০১২ চনৰ ফেব্রুৱাৰী পর্যন্ত দৰমহা লাভ কৰিছিল ৷ কিন্তু বিত্ত বিভাগৰ কেইবাটাও নির্দেশনাৰ ভিত্তিত দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৷
 ১৯৯৫ চনৰ পৰা ২০০০-২০০১ চনৰ ভিতৰত নিযুক্তি লাভ কৰি সুদীর্ঘ দিন দৰমহা লাভ কৰাৰ লগতে বুনিয়াদী প্রশিক্ষণ আদি লাভ কৰা এইসকল শিক্ষকৰ দৰমহা বন্ধ হৈ পৰাত বিভিন্ন সময়ত আন্দোলনৰ কার্যসূচীও গ্রহণ কৰিছিল ৷ 

তদুপৰি ন্যায়ালয়ত শিক্ষকসকলে গোচৰ তৰিছিল ৷ পূর্বৰ চৰকাৰখনে এই শিক্ষকসকলক লৈ ল’ৰা-ধেমালি অব্যাহত ৰাখি তদন্তৰ নামত তদন্ত, প্রতিশ্রুতিৰ নামত প্রতিশ্রুতি দি থাকিল৷
বর্তমানৰ চৰকাৰখনেও নির্বাচনৰ আগমুহূর্তত চৰকাৰ গঠন কৰিলে দুমাহৰ ভিতৰত সমস্যা সমাধানৰ প্রতিশ্রুতি দিছিল ৷ কিন্তু আজি তিনিবছৰ হোৱাৰ পাছতো সমস্যা সমস্যা হৈয়ে থাকিল ৷ এতিয়া গুৱাহাটী উচচ ন্যায়ালয়ৰ নির্দেশ চৰকাৰে কেনেদৰে গ্রহণ কৰে তাৰ ওপৰতে এইসকল শিক্ষকৰ ভৱিষ্যৎ নির্ভৰ কৰিছে ৷


শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কেইবাটাও সাক্ষাৎকাৰত এইসকল শিক্ষকৰ সমস্যাটো আদালতৰ বিচাৰাধীন হৈ থকাৰ বাবে সমাধান কৰিব পৰা নাই বুলি মত দিছিল আৰু আদালতে যি নির্দেশ দিছিল তাক মানি ল’ব বুলি কৈছিল ৷ সম্প্ৰতি সদৌ অসম বেতন বঞ্চিত কর্মৰত শিক্ষক সন্থাৰ সম্পাদক বসন্ত নেওগে চৰকাৰক সমস্যাটো সমাধানত গুৰুত্ব আৰোপ কৰিবলৈ আহবান জনাইছে ৷

Banner