ভূতৰ ওপৰত দানহ, বানৰ কবলত ৰাজ্যত ২১ গৰাকীৰ মত্যু
দৈনিক বাতৰি

ভূতৰ ওপৰত দানহ, বানৰ কবলত ৰাজ্যত ২১ গৰাকীৰ মত্যু

জিপ্লাছ নিউজ ডেস্ক | June 29, 2020 10:06 hrs

২৯ জুন, গুৱাহাটী: ৰাজ্যজুৰি ক’ভিড ১৯ ৰ সংকট মাৰ নাযাওঁতেই বানৰ কবলত ৰাজ্যবাসী। বিগত কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ পৰি থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ লগতে ৰাজ্যৰ  নৈ- উপনৈবোৰ পানীৰে উফন্দি পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি  ৰাজ্যৰ ২৩ খন জিলাৰ ৯.২৬ লক্ষাধিকতকৈ অধিক লোক বানত বিধস্ত হয়। 

আনহাতে বানৰ কবলত  বৰপেটা, ধেমাজি আৰু উদালগুৰি জিলাত মৃতকৰ সংখ্যা ২১ গৰাকীলৈ বৃদ্ধি হৈছে। 

অসম দুৰ্যোগব্যৱস্থাপনা কৰ্তৃপক্ষই জনায় যে মুঠ ৬৭ ৰাজহ চক্ৰৰ অন্তৰ্গত ২,০৭১ খন গাঁও বানত বুৰ গৈছে।