আই আই টি গুৱাহাটীৰ ৩০২ গৰাকী শিক্ষাৰ্থীয়ে ২ দিনত লাভ কৰিলে সংস্থাপন
দৈনিক বাতৰি

আই আই টি গুৱাহাটীৰ ৩০২ গৰাকী শিক্ষাৰ্থীয়ে ২ দিনত লাভ কৰিলে সংস্থাপন

জিপ্লাছ ব্যুৰ’ | December 03, 2019 18:01 hrs

গুৱাহাটী - পূৰ্ণ গতিৰে আগবাঢ়িছে আই আই টি গুৱাহাটীৰ নিয়োগ প্ৰক্ৰিয়া। ২০১9-২০ বৰ্ষৰ নিয়োগ প্ৰক্ৰিয়াৰ প্ৰথম দুটা দিনতেই ৩০২ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে চাকৰিৰ প্ৰস্তাৱ।

উল্লেখ্য যে সোমবাৰে আই আই টি গুৱাহাটীলৈ নিয়োগৰ বাবে আহে মাইক্ৰ’ছফ্ট, উবৰ, গোল্ডমেন ছেছ, বাজাজ, আই বি এমৰ দৰে লব্ধপ্ৰতিষ্ঠ প্ৰতিষ্ঠান। ইতিমধ্যেই মাইক্ৰছফ্টে আগবঢ়াইছে ১৯টাকৈ প্ৰস্তাৱ। উবৰ, জেপিএমচি আৰু গোল্ডমেন ছেছে আগবঢ়াইছে ৯ টা প্ৰস্তাৱ, আইবিএম, নিউটানিক্স, আমেৰিকান এক্সপ্ৰেছ, কোৱাডিয়ে আৰু অৰাকলে আগবঢ়াইছে ১৪ টাকৈ প্ৰস্তাৱ। ইয়াৰ উপৰি বাজাজ, গুগল আৰু অন্যান্য ভালেমান প্ৰতিষ্ঠানেও আগবঢ়াইছে চাকৰিৰ লোভনীয় প্ৰস্তাৱ। 

এছডিই, এনালিষ্ট, ছিষ্টেম ইঞ্জিনীয়াৰ, প্ৰডাক্ট ইঞ্জিনীয়াৰ, এনালগ/ডিজিটেল ইঞ্জিনীয়াৰ, ইঞ্জিনীয়াৰ ট্ৰেইনী আদি  পদৰ বাবে চাকৰিৰ প্ৰস্তাৱ লৈ আহিছিল এই প্ৰতিষ্ঠানসমূহ।

আই আই টি গুৱাহাটী