কাইলৈৰ পৰা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল - কিয় চাব ‘Foreign Body’?৫ টা কাৰণ 

Saturday, 07 December 2019

দৈনিক বাতৰি

কাইলৈৰ পৰা গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল - কিয় চাব ‘Foreign Body’?৫ টা কাৰণ 

জি প্লাছ নিউজডেস্ক | November 15, 2018 12:48 hrs

গুৱাহাটী - পৰিৱেশ্য কলাতকৈ দৃষ্টিনন্দন কলা হয়তো এই ধৰাতেই নাই। আৰু সেই পৰিৱেশ্য কলা যেতিয়া মঞ্চ নাট হয় তেন্তে সোণত সুৱগা চৰে। অভিনয়ৰ ক্ষেত্ৰত মঞ্চনাটৰ সমান দৰ্শকৰে পোনপটীয়া সম্পৰ্ক স্থাপন হয়তো খুব কম কলাতেই সম্ভৱ হয়। মঞ্চ নাটে আপোনাক দিব পাৰে অন্য এক জগতৰ কৃচ্ছসাধনাৰ অনুভৱ।

এনে অনুভৱ প্ৰদানৰ উদ্দেশ্য আগত ৰাখিয়েই বিগত দুটা বৰ্ষৰ লেখীয়াকৈ এইবছৰো অহা ১৬ নৱেম্বৰ, শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব এই নাট মহোৎসৱ। বিশ্বৰ বিভিন্ন স্থানত পৰিৱেশনেৰে সমাদৃত হোৱা চাৰিখনকৈ প্ৰসিদ্ধ নাট প্ৰদৰ্শিত হ’ব এইবাৰৰ নাট মহোৎসৱত।

কাইলৈ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই নাট মহোৎসৱত প্ৰদৰ্শিত হ’ব এখন বিশ্ব প্ৰসিদ্ধ নাট ‘Foreign Body’। একক অভিনয়ৰ এই নাটত থাকিব এক সমাজ পৰিৱৰ্তনৰ বিপ্লৱী সত্ত্বা, যাক সাম্প্ৰতিক সময় চেতনাৰে সমাহিত কৰা হৈছে। অহা ১৮ নৱেম্বৰ ৰবিবাৰে প্ৰদৰ্শিত হ’বলগীয়া এই Foreign Body নাটখন চাবলগীয়া ৫ টা কাৰণ আমি আগবঢ়াইছো - 

১) যৌন নিৰ্যাতিত হোৱাৰ পিছত এবুকু আশা, বিষাদ মন্থন আৰু ক্ষমাদানৰ এক নৈৰ্ব্যক্তিক চিন্তা-চেতনাৰে অনবদ্যভাৱে সজোৱা হৈছে এই নাট, নাটত একক অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী এমোজেন বাটলাৰ ক’লে।

২) নাট কথনৰ অনবদ্য গতি তথা যৌন নিৰ্যাতিত হোৱাৰ পিছৰ দুৰ্বিষহ মানসিক অৱস্থাৰ কৰুণতম চেতনাই প্ৰতিগৰাকী দৰ্শককে স্পৰ্শ কৰি যাব। কায়িক নাট আৰু অৰিজিনেল ছাউণ্ডট্ৰেকৰ অনবদ্য সমাহাৰ ঘটিছে এই নাটত।

৩) সমগ্ৰ বিশ্বতে #MeToo এ প্ৰাসঙ্গিকতা লাভ কৰাৰ মুহুৰ্ত্তত এই নাটখনে লাভ কৰিব অনবদ্য বাস্তৱতা। নিজৰেই জীৱন বিচাৰি পাব দৰ্শকে।


৪) বিগত দুটা বছৰ ধৰি নিৰলস সাধনাৰ পিছত সাজু কৰি তোলা হৈছে এই নাট। প্ৰথমবাৰৰ বাবে এই নাট বিগত ২০১৭ চনৰ মাৰ্চ মাহত ছাউথবেংক চেণ্টাৰৰ ৱাও ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল।

৫) ২০১৭ চনতে ছ’হ’ থিয়েটাৰতো প্ৰদৰ্শিত হোৱাৰ লগতে বিশ্বৰ বিভিন্ন স্থানতে প্ৰদৰ্শিত হোৱা এই নাটে লাভ কৰিছে ব্যাপক সমাদৰ। নাটৰ লেখিকা আৰু অভিনেত্ৰী ইমোজেন বাটলাৰ ক’লে। পৰিচালনা কৰিছে ফ্ৰেন ম’ল্ডছে।

উল্লেখ্য যে জিপ্লাছৰ দ্বাৰা আয়োজিত তৃতীয় বাৰ্ষিক গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলত সহযোগ কৰিছে বেলেণ্টাইনছ, দ্য আছাম ট্ৰিবিউন, এপ’ল’ হস্পিতালছ, গুৱাহাটী, নৰ্থ-ইষ্ট স্মল ফাইনান্স বেংক, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ এক্সইউভি ৫০০, ইণ্ডিয়ান অইলৰ ছাৰ্ভো আৰু আউটৰীচ্চ এডভাৰ্টাইজিঙে। এইবছৰ নাট মহোৎসৱৰ প্ৰচাৰ প্ৰসাৰৰ বাবে ৰাউণ্ড টেবল ইণ্ডিয়াৰ গুৱাহাটী চেপ্তাৰ জিচিআৰটি ২৩৯এ সহযোগ কৰিছে।
 

ফৰেইন ব’ডি নাটৰ এক দৃশ্য