৮০ কোটি লোক উপকৃত হ’ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ যোগেদি। - নিৰ্মলা সীতাৰমণ

Wednesday, 01 April 2020

দৈনিক বাতৰি

৮০ কোটি লোক উপকৃত হ’ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ যোগেদি। - নিৰ্মলা সীতাৰমণ

জিপ্লাছ | March 26, 2020 13:50 hrs

২৬ মাৰ্চ, গুৱাহাটী - প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা (খাদ্য আঁচনি) ৰ অধীনত দেশৰ ৮০ কোটি জনতা ব্যাপকভাৱে লাভৱান্বিত হ’ব। এই কথা আজি ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আজি নতুন দিল্লীত আয়োজিত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী সীতাৰমণে কয়, "এই আঁচনিৰ অধীনত প্ৰতিগৰাকী লোকেই বিনামূলীয়াকৈ ৫ কিলোগ্ৰামকৈ আটা বা চাউল লাভ কৰিব। অৱশ্যে পূৰ্বে লাভ কৰি থকা সামগ্ৰীখিনিৰ উপৰিও এই সামগ্ৰীখিনি লাভ কৰিব। ইয়াৰ উপৰিও আমি এক কিলোগ্ৰামকৈ প্ৰতিঘৰতে মটৰ যোগান ধৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছো। এই আটাইখিনি সামগ্ৰী পৰৱৰ্তী তিনিমাহলৈ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। এই সামগ্ৰীখিনি নাগৰিকে দুটা কিস্তিতো গ্ৰহণ কৰিব পাৰিব।”