Air India Resumes Kolkata-Guwahati-Lilabari Service | Assamese News
দৈনিক বাতৰি

এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিলে কলকাতা - গুৱাহাটী - লীলাবাৰী বিমান সেৱা

জিপ্লাছ | June 01, 2020 10:39 hrs

১ জুন, গুৱাহাটী - সম্পূৰ্ণ দুটা মাহৰ বিৰতিৰ পিছত, ৩১ মে’ ৰ পৰা এয়াৰ ইণ্ডিয়াই আৰম্ভ কৰিলে ইয়াৰ বিমান সেৱা। অৱশ্যে সদ্যহতে কলকাতা - গুৱাহাটী - লীলাবাৰীৰ মাজত বিমান সেৱা আৰম্ভ কৰা হৈছে। 

সমগ্ৰ দেশজুৰি লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিমান সেৱা বন্ধ ৰখাৰ নিৰ্দেশৰ বাবেই বিগত প্ৰায় দুমাহ ধৰি দেশৰ অন্যান্য বিমান পৰিবহন সংস্থাৰ লগতে এয়াৰ ইণ্ডিয়াইয়ো দেশজুৰি বিমান পৰিবহন বন্ধ কৰি ৰাখিছিল। 

৩১ মে’ তাৰিখে এয়াৰ ইণ্ডিয়াৰ এখন এটিআৰ এয়াৰক্ৰাফ্টে আঞ্চলিক সেৱা আৰম্ভ কৰে। লীলাবাৰী বিমানবন্দৰলৈ কলকাতাৰ পৰা বৰঝাৰ বিমান বন্দৰ হৈ যাতায়াত কৰে এই বিমানখনে।