আবদ্ধ হৈ থকা অসমবাসীক সহায় আগবঢ়াওঁক, অসম ভৱনলৈ জৰুৰী নিৰ্দেশনা

Wednesday, 01 April 2020

দৈনিক বাতৰি

আবদ্ধ হৈ থকা অসমবাসীক সহায় আগবঢ়াওঁক, অসম ভৱনলৈ জৰুৰী নিৰ্দেশনা

জিপ্লাছ | March 25, 2020 18:00 hrs

২৫ মাৰ্চ, গুৱাহাটী - ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি লক-ডাউন ঘোষণা কৰাৰ মাজতে আজি ৰাজ্য চৰকাৰে এক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে দেশৰ বিভিন্ন স্থানত থকা অসম ভৱনসমূহলৈ। সৰ্বত্ৰ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা অসমীয়া লোকসকলক প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ নিৰ্দেশ দিয়া হৈছে অসম ভৱনসমূহক।
 
আজি এক জৰুৰী সংবাদ মেল সম্বোধন কৰি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ পৰা অসমবাসীক তৎকালীনভাৱে অসম ভৱনৰ সাহায্য গ্ৰহণ কৰিবলৈ জনোৱা হৈছে। হোটেলৰ লগতে অন্যান্য যাৱতীয় সহায়ৰ ক্ষেত্ৰত অসম ভৱন সাজু থাকিব বুলিও মুখ্য সচিবে জানিবলৈ দিয়ে।