অসমঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম দৰ্শনৰ দ্বিতীয়টো পৰ্যায় মুকলি - G Plus Assam
গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম দৰ্শন আঁচনিৰ দিত্বীয়টো পৰ্যায় ১২ নবেম্বৰৰ দিনা মুকলি কৰে।
মুঠ ৩৭৭ টা ধৰ্মীয় অনুষ্ঠানে এই আঁচনিৰ অধীনত ১০ লাখ টকাকৈ লাভ কৰিব আন্তঃ গাঁঠনিক উন্নয়নৰ বাবে। পূৰ্বতে, প্ৰথমটো পৰ্যায়ত এনে ৯১৫ টা অনুষ্ঠানে ১০ লাখ টকাৰ অনুদাম লাভ কৰিছিল।
এই আঁচনিত মুঠ ২৫ লাখ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। অনুদানৰ উচিত ব্যৱহাৰ কৰিব পৰাকৈ প্ৰথমে ১০ লাখ আৰু পিছৰ পৰ্যায়ত ১৫ লাখ টকাকৈ দিয়া হ’ব।
এই উদ্বোধনী অনুষ্ঠান শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।