এক জটিল পৰিস্থিতিত প্ৰৱেশ কৰিছে অসমে, পিছে আমি প্ৰস্তুত। - হিমন্ত বিশ্ব শৰ্মা

Saturday, 06 June 2020

দৈনিক বাতৰি

এক জটিল পৰিস্থিতিত প্ৰৱেশ কৰিছে অসমে, পিছে আমি প্ৰস্তুত। - হিমন্ত বিশ্ব শৰ্মা

জিপ্লাছ | April 01, 2020 14:55 hrs

০১ এপ্ৰিল, গুৱাহাটী - ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত অসম এক জটিল পৰিস্থিতিৰ মাজত সোমাই পৰিল, পিছে বিগত ১৫ টা দিন আমি লাভ কৰাৰ বাবে এতিয়া আমি ভালেখিনি প্ৰস্তুত। আজি গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি এইদৰে কয় স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী ড. শৰ্মাই অসমবাসী ৰাইজক কঠোৰবাৱে সামাজিক দূৰত্ব মানি চলিবলৈ অনুৰোধ জনাই আৰু যিকোনো পৰিস্থিতিতে এই লকডাউন ভঙ্গ নকৰিবলৈও অনুৰোধ জনায়। 

তেওঁ লগতে কয় যে বিগত কেইটামান সপ্তাহ পোৱাৰ বাবে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু হৈ আছে।