মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম মাদ্ৰাছা শিক্ষকৰ

Monday, 30 March 2020

দৈনিক বাতৰি

মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম মাদ্ৰাছা শিক্ষকৰ

জিপ্লাছ | February 17, 2020 16:22 hrs

গুৱাহাটী - অসম মাদ্ৰাছা সমন্বয়ৰক্ষী কমিটিয়ে আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলযোগে ৰাজ্যত মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

আজি সংবাদমেল সম্বোধন কৰি কমিটিখনৰ সদস্য ফাৰুক আহমেদ লস্কৰে কয়, চৰকাৰে ইতিমধ্যেই প্ৰাদেশীকৰণ কৰা মাদ্ৰাছাসমূহে আধ্যাত্মিক শিক্ষা প্ৰদান কৰাৰ উপৰিও সাধাৰণ শিক্ষাও প্ৰদান কৰি আহিছে। তেনেস্থলত কিহৰ ভিত্তিত এই মাদ্ৰাছাবোৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। 

লস্কৰে লগতে কয়, "ছেবাৰ অধীনত থকা বিষয়সমূহেই শিক্ষাৰ্থীসকলে পঢ়ি আহিছে। ইংৰাজী, গণিত, সমাজবিদ্যা, কম্পিউটাৰ আদি সকলো বিষয়েই মাদ্ৰাছাতো শিকোৱা হৈ আহিছে।”

উল্লেখ্য যে বিগত বুধবাৰে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে মাদ্ৰাছা , হাইমদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ অনুদান ৰাজ্য চৰকাৰে আগবঢ়াই । যদি আমি এই ধৰণৰ শিক্ষা প্ৰদান অব্যাহত ৰাখো তেন্তে আমি আন ধৰ্মৰ ধৰ্মগ্ৰন্থ সমূহৰো শিক্ষা দিব লাগিব । ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ধৰ্মৰ ওপৰত আধাৰিত শিক্ষানুষ্ঠান সমূহ বন্ধ কৰা হ’ব আৰু এই সমূহক সাধাৰণ হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী স্কুললৈ ৰূপান্তৰিত কৰা হ’ব ।

মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সমূহক লৈ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে , ” আমি মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলক স্বেচ্ছাসেৱী অৱসৰ প্ৰদান কৰিম আৰু তাৰ ভিতৰত তেওঁলোকৰ অৱসৰ গ্ৰহনৰ তাৰিখলৈ তেওঁলোকক ৰাজ্য চৰকাৰে দৰমহা প্ৰদান কৰিব “।‌ তদুপৰি এই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত অহা চাৰি পাঁচ মাহৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি কোনোৱে ব্যক্তিগত পইচা খৰচ কৰি ধৰ্মীয় শিক্ষা প্ৰদান কৰিব বিচাৰে তেন্তে সেয়া কৰিব পাৰে । তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাধা প্ৰদান নকৰে ।

ৰাজ্যত চৰকাৰী অনুদান প্ৰাপ্ত ৬৪০ খন মাদ্ৰাছা আৰু হাই মাদ্ৰাছা আছে । লগতে অসম সংস্কৃত বোৰ্ডৰ অধীনত ১০০০ খন সংস্কৃত টোল আছে য’ত ৯৭ খন চৰকাৰী সহায়ক প্ৰাপ্ত ।