কৰ্তব্যৰত আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে !

Wednesday, 01 April 2020

দৈনিক বাতৰি

কৰ্তব্যৰত আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে !

জিপ্লাছ | February 26, 2020 11:33 hrs

গুৱাহাটী - ট্ৰেফিক আইন ভংগ কৰি চৰ্চাত দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা। মঙলবাৰে চানমাৰিৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ সমীপত ‘No parking Area’ ত  এঘণ্টা ধৰি ৰখাই থয় বিধায়কগৰাকীয়ে নিজৰ গাড়ীখন।
 
যাৰ বাবে আইন উলংঘা কৰাৰ লৈ ট্ৰেফিক আৰক্ষীয়ে বিধায়কৰ গাড়ীৰ চকাত লগাই দিছিল হুইল ক্লেম লক। পিছে ট্ৰেফিক আৰক্ষীৰ এই কাৰ্যত খৰ্গহস্ত হৈ পৰিল শাসকীয় দলৰ বিধায়কগৰাকী। দৰাচলতে গাড়ীখন পথৰ ওপৰত ৰখাই গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত সোমাইছিল শাসকীয়দলৰ তিনি বিধায়ক ক্ৰমে দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰ গগৈ আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকন।

টেৰছ গোৱালা আৰু সুৰেণ ফুকন আহিছিল একেখন গাড়ীত। গাড়ীখনৰ নম্বৰ আছিল AS 01BV0005। 
গাড়ীখনৰ এখন ফটো নিয়ম মতে তুলিব বিচাৰিছিল ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাই । কিন্তু গাড়ীৰ পৰা নামি দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালাই চোঁচা লৈছিল কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীৰ কনিষ্টবল বিষ্ণু বৰালৈ । ফটো তুলিবলৈ লোৱা ম’বাইলটো কাঢ়ি কৰ্তব্যৰত আৰক্ষীক শাৰীৰিক ভাবে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কজনৰ বিৰুদ্ধে ।

তাৰ পাছতেই ট্ৰেফিকৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিয়ম মাফিক জৰিমনাৰ চালান কাটিলে। ইমানেই নহয় বিধায়কজনৰ লগতে বি্ধায়কজনৰ গাড়ীৰ চালকে আৰক্ষীজনক অশ্লীল গালি-গালাজো দিয়াৰো অভিযোগ উত্থাপন হৈছে ।