অসম আৰক্ষীত ৰদ-বদল - ভায়’লেট বৰুৱা অসমৰ প্ৰথম মহিলা ডিআইজি
গুৱাহাটী - ৫ গৰাকী IPS বিষয়াৰ ৰদ-বদল। DIG পদলৈ পদোন্নতি অৰবিন্দ কলিতাক। আইন-শৃংখলাৰ DIG পদত স্থলাভিষিক্ত কলিতাক। DIG পদলৈ পদোন্নতি ভায়’লেট বৰুৱা। ভায়’লেট বৰুৱাক DIG(SB) পদত স্থলাভিষিক্ত। DIG প্ৰশান্ত ভূঞাক উত্তৰ-পূব মণ্ডললৈ, DIG লুইচ আয়ণ্ডক DIG(নিৰাপত্তা) লৈ আৰু DIG দিলীপ কুমাৰ দেক মধ্য মণ্ডললৈ বদলি কৰা হৈছে।
নগাঁৱৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে কৰ্মৰত বৰুৱাক দিলীপ কুমাৰ দে’ৰ ঠাইত বদলি কৰা হৈছে। ইফালে দিলীপ কুমাৰ দে’ক ডি আই জি (অপৰাধ)ৰূপে ডিফুলৈ বদলি কৰা হৈছে। ডি আই জি (অপৰাধ)ৰূপে ডিফুত কৰ্মৰত প্ৰশান্ত ভূঞাক তিনিচুকীয়ালৈ ডি আই জি (এন ই আৰ)ৰূপে বদলি কৰা হৈছে।
অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত সহকাৰী মহাপৰিদৰ্শক (প্ৰশাসন)ৰূপে কৰ্মৰত অৰৱিন্দ কলিতাক ডি আই জি (আইন-শৃংখলা) হিচাপে পদোন্নতীসহ নিযুক্তি দিয়া হৈছে।
ইফালে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ আয়ুক্ত (অপৰাধ) লুইচ আইণ্ডক ডি আই জি (নিৰাপত্তা)ৰূপে পদোন্নতিসহ নিযুক্তি দিয়া হৈছে।