ৰূপসীৰ পৰা শীঘ্ৰে আৰম্ভ হ’ব বিমান চলাচল

Wednesday, 16 October 2019

দৈনিক বাতৰি

ৰূপসীৰ পৰা শীঘ্ৰে আৰম্ভ হ’ব বিমান চলাচল

জিপ্লাছ ব্যুৰ’ | July 12, 2019 11:27 hrs

১২ জুলাই, গুৱাহাটী - ধুবুৰীৰ ৰূপসী বিমান বন্দৰৰ পৰা শীঘ্ৰেই বিমান চলাচল আৰম্ভ  হ’ব। এই কথা কালি প্ৰকাশ কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে। উড়ে দেশ কা আম নাগৰিক, চমুকৈ উড়ান আঁচনিৰ অধীনত চলিত বছৰৰ ছেপ্তেম্বৰ মাহৰ পৰাই ধুবুৰীবাসীয়ে এই ৰূপসী বিমানবন্দৰৰ পৰা বিমান পৰিবহনৰ আনন্দ ল’ব পাৰিব। 

উল্লেখ্য যে সদনৰ প্ৰশ্নোত্তৰ কালত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সোধা এক প্ৰশ্নৰ উত্তৰত  মন্ত্ৰী পুৰীয়ে প্ৰকাশ কৰে যে ইতিমধ্যেই এই বন্দৰটো নিৰ্মাণৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক দায়িত্ব দিয়া হৈছে।

উড়ানৰ অন্তৰ্গত আঞ্চলিক যোগাযোগ আঁচনিৰ পৰা ৰূপসী বিমানবন্দৰৰ বাবে কৰ্তৃপক্ষক ৬৩.৩৬ কোটি টকা আবণ্টনো দিয়া হৈছে বুলি জানিব পৰা গৈছে।

অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত ৰূপসীৰ পৰা গুৱাহাটী বিমানবন্দৰলৈহে এই বিমানসেৱা আগবঢ়োৱা হ’ব। এই বিমান সেৱা আগবঢ়োৱাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে টাৰ্ব মেঘা এয়াৰৱেজ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক। 

Banner

ৰূপসী বিমানবন্দৰৰ এক দৃশ্য