খেলো ইণ্ডিয়া ২০২০ - সাতোৰত অসমৰ শিৱাঙ্গী শৰ্মাৰ স্বৰ্ণ জয়

Saturday, 29 February 2020

দৈনিক বাতৰি

খেলো ইণ্ডিয়া ২০২০ - সাতোৰত অসমৰ শিৱাঙ্গী শৰ্মাৰ স্বৰ্ণ জয়

জিপ্লাছ | January 17, 2020 16:14 hrs

১৭ জানুৱাৰী, গুৱাহাটী - অসমলৈ আজি আন এক স্বৰ্ণ পদক কঢ়িয়াই আনিছে যুৱ সন্তৰণবিদ শিৱাঙ্গী শৰ্মাই। আজি খেলো ইণ্ডিয়াৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত অনবদ্য প্ৰদৰ্শনেৰে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় শিবাঙ্গী শৰ্মাই। 

২১ বছৰ অনুৰ্ধ্ব শাখাত শিৱাঙ্গীয়ে তামিলনাডুৰ ভাৱিকা ডুগৰক পৰাস্ত কৰে।

ইফালে ভাৰোত্তোলনৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰিছে প্ৰবাল প্ৰতীম গগৈয়ে।

শিৱাঙ্গী শৰ্মা