বাছ টিকটৰ বাবে পৰিবহন নিগমে মুকলি কৰিলে মোবাইল এপ্প
দৈনিক বাতৰি

বাছ টিকটৰ বাবে পৰিবহন নিগমে মুকলি কৰিলে মোবাইল এপ্প

জিপ্লাছ নিউজডেস্ক | November 06, 2018 10:15 hrs

পৰিবহন মন্ত্ৰীয়ে গুৱাহাটীত ফ্লেগ-অফ কৰিলে ৬খনকৈ ভ’লভ’ বাছৰ

গুৱাহাটী - ৰাজ্যৰ পৰিবহন দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি গুৱাহাটীত মুকলি কৰে টিকট বুকিংৰ এক অভিনৱ মোবাইল এপ্লিকেশ্যন। বেতকুছিস্থিত আইএছবিটিত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই এপ্প মুকলি কৰাৰ উপৰিও মন্ত্ৰী পাটোৱাৰীয়ে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰে সেৱা সংযোগ কৰা ৬ খন ভ’লভ’ বাছৰ ফ্লেগ অফ কৰে।

উল্লেখ্য যে এই ভ’লভ’ বাছকেইখন ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰে পৰিচালনা তথা তদাৰক কৰিব চাৰ্টাৰ্ড স্পীড প্ৰাইভেট লিমিটেডে। আৰু ইয়াৰ বাবে টিকটসমূহ নতুনকৈ মুকলি কৰা এপ্পযোগে ক্ৰয় কৰিব পাৰিব। অৱশ্যে এএছটিচিৰ ৱেবছাইটযোগেও উপলব্ধ হ’ব টিকট।

এই নতুন ভলভ’ সেৱাৰে গুৱাহাটীৰ পৰা শ্বিলং আৰু গুৱাহাটীৰ পৰা ইটানগৰলৈ বাছসেৱা আগবঢ়োৱা হ’ব, যিয়ে যাতায়াতৰ ক্ষেত্ৰত এক বিশেষ বৰঙণি আগবঢ়াব বুলি আশা কৰা হৈছে।

এতিয়াৰে পৰা যাত্ৰীসকলে অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহলৈ যাবৰ বাবে যিকোনো সময়তে যিকোনো স্থানৰ পৰাই টিকট বুক কৰিব পাৰিব। 

Banner

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৬খন ভলভ’ বাছৰ ফ্লেগ অফ কৰাৰ মুহূৰ্ত্তত